লখিমপুৰ, 20 মে’: লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাবে নিযুক্তি দিয়া হৈছে আই পি এছ বিষয়া আনন্দ মিশ্ৰক ৷ বৰ্তমানৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাৰ সলনি নিযুক্তি দিয়া হৈছে জনপ্ৰিয় আৰক্ষী বিষয়া আনন্দ মিশ্ৰক ৷ এই খবৰ লাভ কৰাৰ লগে লগে শনিবাৰে বিয়লি লখিমপুৰত সৃষ্টি হয় আনন্দৰ জোৱাৰ ৷ আনন্দ মিশ্ৰৰ নিযুক্তিত আনন্দিত লখিমপুৰৰ সৰ্বস্তৰৰ ৰাইজ (Anand Mishra appointed SP of Lakhimpur) ৷
দক্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰ লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাবে নিযুক্তি লাভ কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে লখিমপুৰৰ ৰাইজ উল্লাসত ফাটি পৰে ৷ দীর্ঘ দিনে এনে এজন দক্ষ আৰক্ষী বিষয়াৰ অপেক্ষাত থকা ৰাইজে আনন্দ মিশ্ৰৰ লখিমপুৰ আগমনৰ খবৰ পাই সকলো মাধ্যমতে আদৰণি, অভিনন্দন জ্ঞাপন কৰিছে বিষয়াগৰাকীক (SP Anand Mishra) ৷
জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক তাৎক্ষণিকভাবে বদলি কৰাৰ পাচত শনিবাৰে বিয়লি ভৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰক লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে ঘোষণা কৰাৰ লগে লগে জিলাখনত আনন্দৰ জোৱাৰ উঠে ৷ সকলো ৰাইজে আনন্দ প্ৰকাশ কৰি আদৰণি, অভিনন্দন জনায় আনন্দ মিশ্ৰক ৷ সামাজিক মাধ্যমত আনন্দ মিশ্ৰক আদৰণি, অভিনন্দন জনাই বিভিন্ন দল-সংগঠন তথা ৰাইজে (IPS Anand Mishra as New SP of North Lakhimpur) ৷
অসমীয়া যুৱ মঞ্চ, ছাত্ৰ সন্থা আদি সংগঠনসমূহে আনন্দ মিশ্ৰৰ নেতৃত্বত জিলাখন অপশক্তিৰ কবলৰ পৰা মুক্ত হৈ নিকা হ’ব বুলি আশা প্ৰকাশ কৰিছে ৷ আৰক্ষী সঞ্চালক প্ৰধানে ত্ৰিশ দিনৰ ভিতৰত ৰাজ্যখন নকল সোণ, জাল নোটৰ বেহাৰ পৰা মুক্ত কৰা হ’ব বুলি ঘোষণা কৰিলেও আনন্দ মিশ্ৰৰ নেতৃত্বত লখিমপুৰ জিলা দহ দিনৰ ভিতৰতে অপশক্তিৰ কবলৰ পৰা মুক্ত হ’ব বুলি আশা প্ৰকাশ কৰিছে ৷