ETV Bharat / state

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট লখিমপুৰৰ মাইনাৰ - ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট লখিমপুৰৰ মাইনাৰ

লখিমপুৰবাসীৰ বাবে এক সু-খবৰ ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ এগৰাকী যুৱতীয়ে ৷ মাত্ৰ ৩০ ছেকেণ্ডত ১৬২ টা ইংৰাজী শব্দ পঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান অধিকাৰ কৰিলে যুৱতীগৰাকীয়ে ৷

india books of record
ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডত উজ্বলিল লখিমপুৰৰ মাইনা চুতীয়াৰ
author img

By

Published : Oct 26, 2021, 1:23 PM IST

Updated : Oct 26, 2021, 1:34 PM IST

লখিমপুৰ, 26 অক্টোবৰ : লখিমপুৰবাসীৰ বাবে এক সু-খবৰ ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ মাইনা চুতীয়াই । মাত্ৰ ৩০ ছেকেণ্ডত ১৬২ টা ইংৰাজী শব্দ পঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান অধিকাৰ কৰিলে যুৱতীগৰাকীয়ে ৷

মাইনা চুতীয়া ঘূনাসূঁতিৰ কৃষ্ণপুৰ গাঁও নিবাসী ভাইটি চুতীয়া আৰু মামণি চুতীয়াৰ কন্যা । লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী মাইনাৰ ইতিপূৰ্বে এখন কাব্য সংকলন প্ৰকাশ পাইছে ৷ ইয়াৰ লগতে বাঁহী বাদন আৰু নাগাৰা বাদনৰো চৰ্চা অব্যাহত ৰাখিছে মাইনাই ।

india books of record
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট লখিমপুৰৰ মাইনাৰ

উল্লেখ্য যে, 2021 বৰ্ষৰ আগষ্ট মাহত অনলাইনযোগে অনুষ্ঠিত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল মাইনাই ৷ কাল কৰ’ণাৰ বাবে এই প্ৰতিযোগিতাৰ ফলাফলৰ মানপত্ৰ, পদক, বেজ আৰু পৰিচয় পত্ৰ আদি ডাকযোগে লাভ কৰে মাইনাই ৷ ছাত্ৰীগৰাকীৰ এনে সাফল্যৰ বাবে সকলোৱে তেওঁক জনাইছে অভিনন্দন ।

লগতে পঢ়ক : জোনাইত জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ অভিযান আৰম্ভ

Last Updated : Oct 26, 2021, 1:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.