ETV Bharat / state

চামুচত গৌতম বুদ্ধৰ চিত্ৰ অংকণ কৰি অভিলেখ ৰচিলে নাওবৈচাৰ অৰ্পনা বৰাই

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰে লখিমপুৰ তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নাওবৈচাৰ অৰ্পণা বৰাই । ৫৩ ছেকেণ্ডত চামুচত গৌতম বুদ্ধৰ চিত্ৰ অংকণেৰে অভিলেখ ৰচিলে মেধাৱী ছাত্ৰী গৰাকীয়ে ।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ'ল নাওবৈচাৰ অৰ্পণা বৰাৰ

author img

By

Published : Dec 31, 2020, 4:59 PM IST

নাওবৈচা, ৩১ ডিচেম্বৰ: ব্যতিক্ৰমী প্ৰতিভাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে লখিমপুৰৰ এগৰাকী ছাত্ৰী । চামুচত গৌতম বুদ্ধৰ চিত্ৰ অংকণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে নাওবৈচাৰ অৰ্পণা বৰা নামৰ ছাত্ৰীগৰাকীয়ে । অৰ্পণাই ৫৩ ছেকেণ্ডত চামুচত গৌতম বুদ্ধৰ চিত্ৰ অংকণ কৰি অভিলেখ ৰচিছে ।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ'ল নাওবৈচাৰ অৰ্পণা বৰাৰ

নাওবৈচাৰ অতি ভিতৰুৱা অঞ্চল ঢেকীয়াজুলীৰ বিষ্ণুপুৰ গাঁৱৰ নিবাসী শিৱনাথ বৰা আৰু শেৱালী বৰাৰ কনিষ্ঠ কন্যা অৰ্পণাই লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে বিজ্ঞান বিভাগৰ পৰা স্নাতক ডিগ্ৰী লৈ বৰ্তমান আজাদস্থিত ডায়েটত বিএড পাঠ্যক্ৰম অধ্যয়ন কৰি আছে । সৰুৰে পৰা বিভিন্ন চিত্ৰ অংকণ কৰি অহা অৰ্পণাই যোৱা নৱেম্বৰত কিছু ব্যতিক্ৰম চিন্তাৰে চামুচৰ ওপৰ অংশত মাত্ৰ ৫৩ ছেকেণ্ডত অতি ক্ষুদ্ৰ আকাৰে বুদ্ধৰ ছবি অংকণ কৰি অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰি অতি ভিতৰুৱা অঞ্চলটোৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ছাত্ৰীগৰাকীয়ে । চিত্ৰ অংকণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ অৰ্পণাই নিজৰ দক্ষতা আৰু একাগ্ৰতাৰ বলতে এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে । লগতে অৰ্পণাই নিজৰ ঘৰৰ বেৰত বিভিন্ন চিত্ৰ অংকণ কৰি শৈল্পিক মনৰ পৰিচয় দাঙি ধৰিছে ।

অৰ্পণাৰ পিতৃ শিৱনাথ বৰাই এখন বিদ্যালয়ত শিক্ষকতা কৰিছিল যদিও চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ অৱসৰ গ্ৰহণ কৰে । অতি কষ্ট আৰু ত্যাগেৰে কন্যা অৰ্পণাক পঢ়োৱা পিতৃয়ে কন্যাৰ এই সাফল্যত গৌৰৱান্বিত হৈ পৰাৰ লগতে অঞ্চলটোৰ ৰাইজে আনন্দিত হৈ পৰিছে ।

লগতে পঢ়ক:কম্বোডিয়াৰ বানপীড়িতলৈ সাহাৰ্য প্ৰদান ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.