ETV Bharat / state

লখিমপুৰত চোৰাং কাঠসহ জব্দ দুখন বাহন

author img

By

Published : Oct 1, 2020, 1:52 PM IST

Updated : Oct 1, 2020, 2:39 PM IST

লখিমপুৰৰ দুটা ভিন্ন প্ৰান্তত বন বিভগে পৃথকে পৃথকে অভিযান চলাই দুখনকৈ বাহনসহ বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

কাঠসহ জব্দ দুখন বাহন জব্দ
কাঠসহ জব্দ দুখন বাহন জব্দ

লখিমপুৰ, 1 অক্টোবৰ: লখিমপুৰ বন সংমণ্ডলৰ পথালিপাম বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দুলুং বন শিবিৰৰ বনকৰ্মীয়ে মঙলবাৰে নিশা প্ৰায় 1 বজাত ৰাজগড় কুঁহিয়াবাৰীত প্ৰায় 40 চেপ্তি চোৰাং কাঠসহ AS-07 AC-9777 নম্বৰৰ এখন টাটা জেনন পিক আপ ভান জব্দ কৰে ৷ বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি কাঠখিৰ নাছিল কোনো বৈধ নথিপত্ৰ ৷

লখিমপুৰত চোৰাং কাঠসহ জব্দ দুখন বাহন জব্দ

অভিযানকাৰী দলটোৱে জব্দকৃত কাঠখিনিৰ লগতে আটক কৰে গাড়ীখনৰ স্বত্বাধিকাৰী চাউলধোৱা কাতৰি চাপৰিৰ কৃষ্ণ কলিতা আৰু নিতু বৰা নামৰ আন এজন লোকক ৷ আনহাতে পথালি পাম বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কুঁহিয়াবাৰী পথতো লখিমপুৰ আঞ্চলিক বন বিষয়াই আন এখন কাঠভৰ্তি 12 চকীয়া ট্ৰাক জব্দ কৰে ৷ AS- 01 DD-1957 নম্বৰৰ ট্ৰাক খনৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় 300 চেপ্তি কাঠ জব্দ কৰে ৷

লগতে পঢ়ক: বিজয়নগৰত চোৰাং চাউলভৰ্তি ট্ৰাক জব্দ

Last Updated : Oct 1, 2020, 2:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.