লখিমপুৰ, 1 আগষ্ট : প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ ৷ ‘‘শ্বেৰমান আলীয়ে জেহাদীৰ দালালি বন্ধ কৰক, শ্বেৰমান-আমিনুল হুছিয়াৰ, জেহাদী হুছিয়াৰ, অসমক ইছলামিকস্তান হ’ব নিদিও’’ ইত্যাদি শ্ল’গানেৰে উত্তাল হ’ল লখিমপুৰ ৷ সত্ৰাধিকাৰৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি এতিয়া হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৰোষত পৰিছে বিধায়ক শ্বেৰমান আলী (HYCP protest in Lakhimpur) ।
যাৰ বিৰোধিতাৰে সোমবাৰে লখিমপুৰৰ বগীনদীত হিন্দু যুৱ ছাত্ৰ পৰিষদে শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Sherman Ali Ahmed effigy burn in Lakhimpur)। উল্লেখ্য যে, 31 জুলাই অৰ্থাৎ দেওবাৰে এটা বৈদ্যুতিন মাধ্যমত জেহাদীৰ সমৰ্থন কৰিবলৈ গৈ দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক অধ্যক্ষ জনাৰ্দ্দন দেৱগোস্বামীৰ সম্পৰ্কে কৰা তাচ্ছিল্য সূচক মন্তব্য কৰিছিল বিধায়ক শ্বেৰমান আলীয়ে (Sherman Ali controversial comment)৷
ইয়াৰ পাচতে সৰৱ হৈছে বিশ্ব হিন্দু মহাসংঘৰ লগতে ৰাজ্যৰ শিক্ষিত সমাজ ৷ যাৰ বিৰোধিতাৰে এতিয়া গৰজি উঠিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ ৷
লগতে পঢ়ক : Angoorlata Deka controversy: উজনিত নিষিদ্ধ ঘোষণা আঙুৰলতা ডেকাক