ETV Bharat / state

HIV Positive Cases increases in lakhimpur : লখিমপুৰত 81 গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

author img

By

Published : Dec 1, 2021, 11:43 AM IST

লখিমপুৰত জিলাত শেহতীয়াকৈ বৃদ্ধি পাইছে HIV+ ৰোগীৰ সংখ্যা(HIV Positive Cases increases in lakhimpur) ৷ এতিয়ালৈকে জিলাখনত মাৰাত্মক এইডছত আক্ৰান্ত হৈছে 81 গৰাকী ব্যক্তি ৷ ইয়াৰে ভিতৰত মৃত্যু হৈছে 9 গৰাকীৰ ৷

hiv positive cases increasing in lakhimpur
লখিমপুৰত এইডছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

লখিমপুৰ, 1 ডিচেম্বৰ : আজি বিশ্ব এইডছ দিৱস(World AIDS Day) ৷ এইডছ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে বহুকেইটা ব্যৱস্থা প্ৰণালী বাহাল ৰাখিছে ৰাজ্য চৰকাৰে ৷ কিন্তু তথাপিও ৰাজ্যত বৰ্তি আছে সংক্ৰমণৰ মাত্ৰা ৷ শেহতীয়াকৈ ৰাজ্যৰ লখিমপুৰত জিলাত বৃদ্ধি পাইছে HIV+ ৰোগীৰ সংখ্যা(HIV Positive Cases increases in lakhimpur) ৷

তথ্য অনুসৰি, জিলাখনত বৰ্তমানলৈ HIV ত আক্ৰান্ত হৈছে 81 গৰাকীকৈ ব্যক্তি ৷ আক্ৰান্তসকলৰ ভিতৰত 9 গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে 77 গৰাকী ৰোগী ৷ মাৰাত্মক এইডছত আক্ৰান্ত লোকসকলক বিগত তিনি বছৰৰ পৰা সাত বছৰৰ ভিতৰত HIV+ বুলি চিনাক্ত কৰি ৰোগীসকলক ঘৰতে চিকিৎসা প্ৰদান কৰি আহিছে লখিমপুৰ স্বাস্থ্য বিভাগে ৷

লখিমপুৰত এইডছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

কিন্তু চলিত বৰ্ষৰ এপ্ৰিল-মাৰ্চ মাহত লখিমপুৰৰ দুগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে এইডছৰ উপস্থিতি ৷ মূলতঃ অবৈধ শাৰীৰিক সম্পৰ্কৰ পৰাই জিলাখনত ভয়াৱহ ৰূপত এইডছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে লখিমপুৰৰ এইডছ নিয়ন্ত্ৰণ পৰিষদে(AIDS Control Council Lakhimpur) ৷

চৰকাৰী তথ্য অনুসৰি, জিলাখনত 306 গৰাকী যৌন কৰ্মী(306 Sex Workers in Lakhimpur) আছে যদিও বেচৰকাৰী তথ্য অনুসৰি এই সংখ্যা হাজাৰৰো অধিক ৷ এইসকল যৌন কৰ্মীৰ পৰাই সম্ভৱত জিলাখনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ আক্ৰান্তৰ সংখ্যা ৷ অৱশ্যে আক্ৰান্ত লোকসকলৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে এইডছ নিয়ন্ত্ৰণ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে ৷

চিকিৎসাৰ দ্বাৰাই এইডছত আক্ৰান্ত ৰোগীসকলক নিৰাময় কৰি সুস্থ কৰিব পাৰি ৷ কিন্তু এনে প্ৰেক্ষাপটত লখিমপুৰীয়া জনসাধাৰণ সজাগ আৰু সচেতন নহ’লে মাৰাত্মক এইডছৰ সংক্ৰমণে যে লখিমপুৰবাসীক অধিক সংকটত পেলাব, সেয়া নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক : Covid 19 Vaccine: গৰু-ছাগলীৰ দৰে ৰাইজক প্ৰদান কৰা হৈছে ক’ভিড প্ৰতিষেধক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.