ETV Bharat / state

Assam’s largest village : অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক - শুৱালকুছি অসমৰ সৰ্ববৃহৎ গাঁও

অসমৰ সৰ্ববৃহৎ গাঁওখনৰ নাম কি জানেনে বাৰু ? ক’ত আছে এই গাঁওখন ? অসমৰ ভিতৰতে সৰ্ববৃহৎ গাঁও বুলি দাবী কৰা এই গাঁওখন সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ।

Largest village in Assam
লখিমপুৰত আছে অসমৰ সৰ্ববৃহৎ গাঁওখন
author img

By

Published : Aug 22, 2023, 2:08 PM IST

Updated : Aug 25, 2023, 7:23 AM IST

অসমৰ সৰ্ববৃহৎ গাঁওখন

লখিমপুৰ, ২২ আগষ্ট : লখিমপুৰত আছে অসমৰ সৰ্ববৃহৎ গাঁওখন । চৰকাৰীভাৱে ঘোষিত নহ’লেও গাঁওখন অসমৰ ভিতৰতে সৰ্ববৃহৎ গাঁও বুলি দাবী কৰে সেই অঞ্চলৰ ৰাইজে । কিছু বছৰৰ আগলৈকে শুৱালকুছি অসমৰ সৰ্ববৃহৎ গাঁও বুলি পৰিচিত আছিল যদিও শুৱালকুছি দ্বি-বিভক্ত হোৱাৰ পিচত লখিমপুৰৰ এই গাঁওখন বৃহৎ গাঁৱৰ শাৰীলৈ উন্নীত হয় । অৱশ্যে চৰকাৰীভাৱে গাঁওখন অসমৰ ভিতৰত সৰ্ববৃহৎ গাঁও বুলি এই পৰ্যন্ত ঘোষণা কৰা নাই ।

আমি উল্লেখ কৰা এই গাঁওখন আছে লখিমপুৰ নগৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ নিলগৰ বৃহত্তৰ পানীগাঁও অঞ্চলত । গাঁওখনৰ নাম বছাগাঁও । আহোম ৰাজত্বৰ কালত বছা বছা কিছুমান বিষয়াক আনি এই এলেকাত সংস্থাপন কৰাৰ বাবেই গাঁওখনৰ নাম বছাগাঁও হ’ল বুলি প্ৰবাদ আছে । দীঘলে তিনি কিলোমিটাৰ, বহলে এক কিলোমিটাৰ গাঁওখনৰ আছে দুজনকৈ গাঁও প্ৰধান ।

গাঁওখনত ১৭ শ পৰিয়াল, দহ সহস্ৰাধিক জনসংখ্যা, ছখনকৈ শিক্ষানুষ্ঠান, ১৮ টা বিভিন্ন সামাজিক অনুষ্ঠান, ৫ টা মন্দিৰ, ৫ টা নামঘৰকে ধৰি ভালেমান অনুষ্ঠান আছে । তিনিটা ৱাৰ্ডৰে গঠিত এই গাঁওখনত আছে কেতবোৰ পৌৰাণিক সমল । যিবোৰ খনন কৰিলে নিস্তব্ধ ইতিহাসৰ অনেক সমল লোকচক্ষুৰ আগত ধৰা দিব বুলি গাঁওবাসীয়ে দাবী কৰে ।

বৃহৎ এই গাঁওখনৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠা নাথাকিলেও জ্ঞানোদয় সামূহিক কেন্দ্ৰ নামৰ অনুষ্ঠানটো হ’ল মাতৃ স্বৰূপ । এই অনুষ্ঠানে গাঁওখনৰ অভিভাৱকত্বৰ ভূমিকা পালন কৰি আহিছে । মূলতঃ গাঁওখনৰ ৰাইজ কৃষিজীৱি হ’লেও শিক্ষা সাহিত্যৰ পৰা সকলো দিশত এইখন গাঁৱৰ লোক আগত আছে ।

প্ৰাকৃতিক শোভাৰে জাতিষ্কাৰ গাঁওখনৰ বিনন্দীয়া ৰূপ চালে চকু ৰোৱা । শেহতীয়াকৈ চৰকাৰে এই গাঁওখনক আদৰ্শ গাঁওৰূপে গঢ়ি তুলিবলৈ আঁচনি লৈছে । সেয়ে হ’লে কেৱল জনসংখ্যা বা ভৌগোলিক দৃষ্টি কোণৰ পৰাই নহয়; সামগ্ৰিকভাৱে উজ্বলি উঠিব বৃহৎ গাঁওখন । পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰ বিন্দুত পৰিণত হ’ব গাঁওখন । এনে আশা আৰু সম্ভাৱনাৰ দুৱাৰদলিত ৰৈ এক উজ্বল সময়ৰ বাবে অপেক্ষাৰত অসমৰ সৰ্ববৃহৎ গাঁওখনৰ গাঁওবাসী ।

লগতে পঢ়ক : Assamese Traditional instrument: নীৰৱে নিতালে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰিছে বোধেন পাচনিয়ে

Last Updated : Aug 25, 2023, 7:23 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.