ETV Bharat / state

ডিচেম্বৰৰ ভিতৰত কংগ্ৰেছ শূন্য হ'ব উজনি অসমঃ হেমন্ত নেওগ - hemanta neog press meet

ডিচেম্বৰ মাহৰ ভিতৰত কংগ্ৰেছ শূন্য হ'ব উজনি অসম । কংগ্ৰেছৰ বহু কেইগৰাকী নেতা-কৰ্মীয়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত । এক সংবাদমেলত এই দাবী কৰে কেইদিনমানৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰা ৰাজ্যিক কংগ্ৰেছৰ সম্পাদক হেমন্ত নেওগে ।

hemanta neog press meet
ডিচেম্বৰৰ ভিতৰত কংগ্ৰেছ শূন্য হ'ব উজনি অসমঃ হেমন্ত নেওগ
author img

By

Published : Oct 31, 2020, 4:48 PM IST

বিহপুৰীয়া, 31 অক্টোবৰ : ডিচেম্বৰ মাহৰ ভিতৰত কংগ্ৰেছ শূন্য হ'ব উজনি অসম । কংগ্ৰেছৰ বিভিন্ন সভা-সমিতিৰ মঞ্চত বহা বহু কেইগৰাকী নেতাৰ লগতে সন্মুখৰ আসনত বহা ৭০ শতাংশ নেতা-কৰ্মীয়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত । শনিবাৰে নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অতিথিশালাত আয়োজন কৰা এক সংবাদমেলত এই দাবী কৰে কেইদিনমানৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰা ৰাজ্যিক কংগ্ৰেছৰ সম্পাদক হেমন্ত নেওগে ।

ডিচেম্বৰৰ ভিতৰত কংগ্ৰেছ শূন্য হ'ব উজনি অসমঃ হেমন্ত নেওগ

নিজকে বিজেপি দলৰ নাৰ্চাৰী ষ্টুডেন্ট হিচাপে অভিহিত কৰি ২৮ বছৰে কংগ্ৰেছ দলত সক্ৰিয় ভাৱে জড়িত থাকি অৱশেষত দল ত্যাগ কৰিবলৈ বাধ্য হোৱা নেতা গৰাকীয়ে এই মন্তব্য কৰে । বিজেপি দলত যোগদান কৰাৰ পিছত পোনপ্ৰথম বাৰৰ বাবে গৃহ সমষ্টি বিহপুৰীয়ালৈ অহা নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মহানগৰীত 'একতাৰ দৌৰ'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.