লখিমপুৰ, 18 জুলাই : ভৰ বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হৈছে প্ৰচণ্ড গৰাখহনীয়া ৷ লখিমপুৰৰ খগা আমগুৰি অঞ্চলতো অব্যাহত আছে সোৱণশিৰি নদীৰ তীব্ৰ খহনীয়া ৷ এখন বনাঞ্চলৰ লগতে এক বৃহৎ অঞ্চল খহনীয়াত উছন হোৱাৰ উপক্ৰম হোৱাৰ পাছতো চৰকাৰে কোনো প্ৰতিৰোধী ব্যবস্থা গ্ৰহণ নকৰাৰ বাবে দেওবাৰে গঞা ৰাইজ ওলাই আহি খহনীয়া প্ৰতিৰোধৰ প্ৰয়াস কৰে ৷ গছৰ ডাল পাত, মাটি ভৰোৱা বস্তাৰে খহনীয়া ৰোধৰ প্ৰচেষ্টা কৰে গাঁওবাসীয়ে ৷
উল্লেখ্য যে, বহু বছৰ ধৰি লখিমপুৰ নগৰৰ পৰা প্ৰায় 20 কিল’মিটাৰমান দূৰত থকা খগা আমগুৰি অঞ্চলত সোৱণশিৰি নদীৰ তীব্ৰ খহনীয়া অব্যাহত আছে ৷ নদীখনে খহনীয়াৰ সৃষ্টি কৰি জনবসতিৰ পিনে ইতিমধ্যে বহুদূৰ আগুৱাই আহিছে ৷ সম্প্ৰতি উক্ত এলেকাত থকা ভূমি সংৰক্ষণ বিভাগৰ বনাঞ্চলত খহনীয়া আৰম্ভ হৈছে ৷
বনাঞ্চলখন খহনীয়াৰ কবলত পৰাৰ পাছতে উক্ত এলেকাৰ প্ৰায় 20/25 খন গাঁৱৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে অঞ্চলটোৰ ঘন চৰাই, চন্দ্ৰপুৰ, যুগলপুৰ, মাগুৰবাৰী আদি কেইবাখনো গাঁও সোৱণশিৰিৰ খহনীয়াত উছন হৈছে ৷ লগতে খহনীয়াত ঘৰ-মাটি হেৰুৱাই প্ৰায় দুশ পৰিয়াল অঘৰী হৈছে ৷
খহনীয়াত ঘৰ-মাটি হেৰুওৱা এই দুশ পৰিয়ালে বৰ্তমান মথাউৰিৰ কাষত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে ৷ শেহতীয়াকৈ উক্ত এলেকাত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত আৰু বহু কেইখন গাঁও, বনাঞ্চল নিঃশেষ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷ কিন্তু ইমানৰ পিছতো চৰকাৰ তথা জলসম্পদ বিভাগে অঞ্চলটোৰ এই ভয়াৱহ সমস্যা সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উপায়ন্তৰ হৈ সমস্যা সমাধানৰ বাবে ওলাই আহিল ৰাইজ ৷
ৰাইজে বনাঞ্চলখনৰ লগতে সমীপৰ গাঁৱসমূহ খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ এখন যুঁজত অৱতীৰ্ণ হৈছে ৷ ভৰ বাৰিষাৰ সময়ত খগা আমগুৰিবাসীৰ প্ৰচেষ্টা কিমান সফল হয় সেয়া সময়তহে দেখা পোৱা যাব ৷ কিন্তু নদীৰ কোবাল সোঁতৰ সৈতে যুঁজ দি ঘৰ-মাটি ৰক্ষাৰ যুঁজত নমা খগা আমগুৰিবাসীয়ে চৰকাৰ আৰু জলসম্পদ বিভাগৰ লগতে জনপ্ৰতিনিধিসকলক ক্ষীপ্ৰতাৰে ব্যবস্থা গ্ৰহণ কৰি সোৱণশিৰিৰ কৰাল গ্ৰাসৰ পৰা অঞ্চলটোক ৰক্ষা কৰাৰ আহ্বান জনাইছে ৷
লগতে পঢ়কঃ বগৰীবাৰীত কৃষকৰ হা-হুমুনিয়াহ