ETV Bharat / state

Haj pilgrimage: লখিমপুৰত শতাধিক হজ যাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা

author img

By

Published : May 25, 2023, 7:54 PM IST

লখিমপুৰত শতাধিক হজ যাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ কেন্দ্ৰীয় ঈদগাহ ময়দানত আয়োজন কৰা হয় এই অনুষ্ঠান (Hajj pilgrims felicitated in Lakhimpur) ৷

Hajj pilgrims felicitated in Lakhimpur
লখিমপুৰত শতাধিক হজ যাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা
হজ যাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা

লখিমপুৰ, 25 মে’: বৃহস্পতিবাৰে লখিমপুৰত শতাধিক হজ যাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ কেন্দ্ৰীয় ঈদগাহ ময়দানত আয়োজন কৰা এই অনুষ্ঠানত জিলাখনৰ পৰা যাবলৈ ওলোৱা হজ যাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁ লোকৰ যাত্ৰাৰ সফলতা কামনা কৰি দোৱা কৰা হয় (Hajj pilgrims felicitated in Lakhimpur) ৷

ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ জীৱনৰ অন্যতম পুণ্যৰ কাম হজ যাত্ৰাৰ বাবে বিগত বৰ্ষৰ দৰেই এইবাৰো প্ৰস্তুতি চলোৱা হৈছে ৷ 4 জুনৰ পৰা 20 জুনলৈ অসমৰ পৰা হজ যাত্ৰী সকল আৰবলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে হজ যাত্ৰালৈ সাজু হোৱা সকলক বিভিন্ন স্তৰৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰিছে (Hajj pilgrims felicitated) ৷

লখিমপুৰতো আজি 154 গৰাকী হজ যাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ লখিমপুৰ জিলা হজ কমিটিৰ উদ্যোগত আৰু টাউন কেন্দ্ৰীয় ঈদগাহ কমিটিৰ সহযোগত কেন্দ্ৰীয় ঈদগাহ ময়দানত হজ যাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ এই উপলক্ষে আয়োজন কৰা সভাত বিশিষ্ট ব্যক্তি সকলে আৰবলৈ গৈ হজ কৰাৰ সময়ত হজ যাত্ৰী সকলে পালন কৰিব লগীয়া নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ ইত্যাদিৰ বিষয়ে আগতীয়াকৈ সম্যক ধাৰণা দিয়ে (Haj pilgrimage) ৷

মক্কা মদিনাত কৰণীয় অথবা বৰ্জনীয় কাম, হজ সমাপনৰ প্ৰণালী আদিৰ বিষয়ে অভিজ্ঞ ব্যক্তি সকলে হজ যাত্ৰী সকলক অৱগত কৰে ৷ সভাখনত এইবাৰ হজলৈ ওলোৱা 154 গৰাকী হজ যাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰা হয় ৷ উল্লেখ্য জিলাখনৰ পৰা এইবাৰ সৰ্বাধিক সংখ্যক লোকে হজ যাত্ৰাৰ বাবে প্ৰস্তুতি কৰিছে ৷

জিলা খনৰ পৰা 162 জন লোকে হজ যাত্ৰাৰ প্ৰস্তুতি কৰিছিল যদিও ইয়াৰে 8 গৰাকীৰ শাৰীৰিক অসুস্থতাই দেখা দিয়াত বৰ্তমান 154 গৰাকী যাবলৈ সাজু হৈছে ৷ ইয়াৰে 103 গৰাকী হ’ল পুৰুষ আৰু 91 গৰাকী হ’ল মহিলা ৷ অনুষ্ঠানটোত সকলোৰে মংগলৰ লগতে হজ যাত্ৰী সকলৰ নিৰাপদ হজ যাত্ৰাৰ সামৰণিৰ বাবে সমূহীয়াকৈ দোৱা কৰা হয় ৷ হজ যাত্ৰী সকলক জিলাৰ সচেতন নাগৰিক মঞ্চৰ লগতে বিভিন্ন অনুষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: HSLC 2023:মেট্ৰিকত চতুৰ্থ স্থানপ্ৰাপ্ত জুবেইৰক লৈ শোভাযাত্ৰা বিদ্যালয় শিক্ষক-শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.