ETV Bharat / state

বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে চৰকাৰী মাটি বেদখলৰ অভিযোগ - ভূমি বেদখল

ৰাজ্যত চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰে । কিন্তু এইবাৰ খোদ বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে চৰকাৰী মাটি বেদখলৰ অভিযোগ । কোন কোন নেতাৰ নাম বিৰুদ্ধে উত্থাপিত হৈছে চৰকাৰী ভূমি বেদখলৰ অভিযোগ ?

Govt land encroachment at Narayanpur
বিজেপিৰ নেতা কৰ্মীৰ বিৰুদ্ধে চৰকাৰী মাটি বেদখলৰ অভিযোগ
author img

By

Published : Sep 29, 2021, 6:50 PM IST

বিহপুৰীয়া, ২৯ ছেপ্টেম্বৰ : এফালে শাসকীয় দল বিজেপিৰ উচ্ছেদ অভিযান, আনফালে খোদ বিজেপি কৰ্মীৰ বিৰুদ্ধে মাটি বেদখলৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । লখিমপুৰৰ নাৰায়ণপুৰত চৰকাৰী মাটি বেদখল কৰি বিগত ২০-৩০ বছৰ ধৰি একাংশ লোকে বসতি স্থাপন কৰি আহিছে । মৰিডিক্ৰং নৈৰ পাৰতে সাপ্তাহিক বজাৰৰ কাষত চৰকাৰী ভূমি বেদখল কৰি স্থায়ী গৃহ নিৰ্মাণ কৰাত লাগিছে একাংশ লোকে । কিন্তু আশ্চৰ্যজনকভাৱে এতিয়া বিজেপি নেতা-কৰ্মীৰ নামো সাঙোৰ খাইছে মাটি বেদখলৰ অভিযোগৰ সৈতে ।

Govt land encroachment at Narayanpur
বিজেপিৰ নেতা কৰ্মীৰ বিৰুদ্ধে চৰকাৰী মাটি বেদখলৰ অভিযোগ

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা বিজেপি দলৰ লখিমপুৰ জিলাৰ প্ৰাক্তন সভাপতি বিষ্ণু কুমাৰ দেউৰী আৰু পৰিষদৰ উপাধ্যক্ষা তথা বিজেপি নেত্ৰী অমৃতপ্ৰভা দেউৰীৰ লগতে একাংশ বিজেপি দলৰ সদস্যৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ এইসকল বেদখলকাৰীৰ অধিকাংশৰে গাঁৱত আছে পৈত্তিক সম্পত্তি হিচাপে বৃহৎ ভূমি ৷ একমাত্ৰ নগৰাঞ্চললৈ ওলাই অহাৰ স্বাৰ্থত এই লোকসকলে চৰকাৰী মাটি বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰি বছৰৰ পাছত বছৰ বসবাস কৰি আহিছে ৷

বিজেপি নেত্ৰী অমৃতপ্ৰভা দেউৰীয়ে চৰকাৰী মাটি বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে এটা মুছলমান পৰিয়ালক নিজ গৃহত বনকৰাৰ বাবে বন্দোৱস্ত কৰি বেদখল কৰা মাটিত বসবাস কৰিবলৈ সুবিধা প্ৰদান কৰাৰ লগতে মৰিডিক্ৰং ভেটি পুখুৰী খন্দাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

মৰিডিক্ৰং নদীৰ কাষৰীয়া শুকুৰবৰীয়া বজাৰৰ কাষত বৃহত্তৰ চৰকাৰী ভূমিত সম্প্ৰতি প্ৰায় ৩০ টা পৰিয়ালে স্থায়ী বাসগৃহ নিৰ্মাণ কৰি বছৰ বছৰ ধৰি বাস কৰি আহিছে ৷ এই লোকসকলৰ ভিতৰত এজনৰো হাতত ভূমিৰ বৈধতা প্ৰকাশ কৰিব পৰা উপযুক্ত চৰকাৰী প্ৰমাণ পত্ৰ নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে, এইসকলৰ অধিকাংশ লোকে মৰিডিক্ৰং নদীৰ জলাশয় পুতি নিজৰ ভূমিৰ সীমা বহল কৰাৰ লগতে নৈখনৰ কাষত পুখুৰী খান্দি নৈখনৰ প্ৰস্থ সংকোচন কৰি আনিছে ৷ বৃহত্তৰ অঞ্চলটো আজিৰ চৰকাৰী চিটা বহীত চৰকাৰৰ গ্ৰেজিং মাটি হিচাপে সংৰক্ষিত হৈ থকা দেখুওৱা হৈছে যদিও বৰ্তমান সময়ত এই মাটি জনবসতিপূৰ্ণ অঞ্চললৈ পৰ্যবেশিত হৈছে ৷

আনহাতে, এইসকল বেদখলকাৰীৰ ভিতৰত দুই-এজনৰ হাতত চৰকাৰী বৈধ্যতাৰ প্ৰমাণপত্ৰ আছে বুলি দাবী কৰাতো গুৰুত্বপূৰ্ণ বিষয় ৰূপে বিবেচিত হৈছে ৷ বেদখলকাৰীয়ে ক'ৰ পৰা, কিদৰে চৰকাৰী মাটিত বসতি স্থাপন কৰি বৈধ্যতাৰ প্ৰমাণপত্ৰ যুগুত কৰিলে ইয়াৰ এক তদন্তৰ প্ৰয়োজন আহি পৰিছে ৷ এই ক্ষেত্ৰত সূৰ্য দেউৰী নামৰ এগৰাকী যুৱকে নাৰায়ণপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে কোনে কেতিয়া চৰকাৰী মাটি ম্যাদী কৰিলে এই সম্পৰ্কে জানিব বিচাৰিছিল যদিও ৰাজহ চক্ৰ কাৰ্যালয়ে দ্বিতীয় পক্ষৰ অনুমতি অবিহনে এই তথ্য ৰাজহুৱা কৰা নহ'ব বুলি উত্তৰ দি বিষয়টো সামৰি থ'লে বুলি জানিবলৈ দিয়ে ৷

চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে মৰিডিক্ৰং নদীৰ কাষত এঘৰ এঘৰকৈ বহু লোকে মাটি বেদখল কৰি স্থায়ী গৃহ নিৰ্মাণ কৰি সমগ্ৰ অঞ্চলটোৰ চৰকাৰী ভূমি বেদখল কৰিলে ৷ তাৰোপৰি মৰিডিক্ৰং নৈৰ খান্দি পুখুৰী পাতি নৈখনৰ গতি ৰোধ কৰি আহিছে ৷ চৰকাৰী মাটি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ অভিযান অব্যাহত থকা সময়ত নাৰায়ণপুৰতো বেদখলকাৰীক উচ্ছেদ কৰি চৰকাৰী ভূমি সংৰক্ষণ কৰিবলৈ দল-সংগঠন লগতে আন বহু সচেতন লোকে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক : কাৰাগাৰৰ ভিতৰতো চলে ধনৰ লেন-দেন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.