ETV Bharat / state

74 বছৰৰ পাছত ঘূণাসুঁতিলৈ আহিল ভাল খবৰ - লখিমপুৰৰ ঐতিহাসিক ঘুণাসুঁতি

এটা সু-খবৰে আনন্দৰ বন্যা বোৱাইছে লখিমপুৰত । লখিমপুৰৰ ঐতিহাসিক ঘূণাসুঁতিত সৃষ্টি হৈছে এই পৰিৱেশ । স্বাধীনতাৰ 74 বছৰৰ পাছত ঘূণাসুঁতিবাসীয়ে লাভ কৰিলে এই সু-খবৰটো । ঘাগৰৰ ওপৰত এখন দলং নিৰ্মাণৰ চৰকাৰী সিদ্ধান্তই আনন্দৰ বন্যা বোৱাইছে ঘূণাসুঁতিত ।

good-news-to-lakhimpur-after-74-long-years
74 বছৰৰ পাছত ঘূণাসুঁতিলৈ আহিল ভাল খবৰ
author img

By

Published : Jul 17, 2021, 5:47 PM IST

Updated : Jul 18, 2021, 11:59 AM IST

লখিমপুৰ, 17 জুলাই : লখিমপুৰৰ ঐতিহাসিক ঘূণাসুঁতিত বৈছে আনন্দৰ বন্যা ৷ স্বাধীনতাৰ 74 বছৰৰ পাছত ঘূণাসুঁতিবাসীয়ে লাভ কৰিলে এই সু-খবৰটো । ঘাগৰৰ ওপৰত এখন দলং নিৰ্মাণৰ চৰকাৰী সিদ্ধান্তই আনন্দৰ বন্যা বোৱাইছে ঘূণাসুঁতিত । উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মিৰি জীয়ৰী উপন্যাসৰ পটভূমি হ’ল লখিমপুৰৰ ঐতিহাসিক ঘূণাসুঁতি ।

ঘাগৰ সোৱণশিৰিৰ কল্লোলত মুখৰিত হৈ থকা তথা সহজ-সৰল মিচিং জনগোষ্ঠীৰ বসতি প্ৰধান ঘূণাসুঁতিৰ প্ৰাকৃতিক নান্দনিক পৰিৱেশ অতুলনীয় । পিছে ঘাগৰ সোৱণশিৰি নদীৰ তাণ্ডৱত ক্ৰমে ঘূণাসুঁতি ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে । প্ৰাকৃতিক দুৰ্যোগৰ সমানে চৰকাৰ, জনপ্ৰতিনিধিৰ অৱহেলাই ঘূণাসুঁতিবাসীৰ জীৱন বিপন্ন কৰি তুলিছে ।

লখিমপুৰৰ পৰা ঘূণাসুঁতিক সংযোগ কৰি এখন দলং নিৰ্মাণৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি জনাই অহা দাবীৰ প্ৰতিও কোনো এখন চৰকাৰে গুৰুত্ব দিয়া দেখা নগ’ল । যাৰ বাবে দুৰ্গম ঘূণাসুঁতিৰ উন্নয়নৰ কথা বাদেই বিনা চিকিৎসাত মৃত্যুৰ ঘটনা ঘটা সুলভ হ’ল । এখন দলং বিচাৰি ঘূণাসুঁতিবাসীয়ে দীর্ঘদিন ধৰি সংগ্রাম কৰি আহিবলগীয়া হ’ল ।

74 বছৰৰ পাছত ঘূণাসুঁতিলৈ আহিল ভাল খবৰ

শেহতীয়াকৈ অসম বিধানসভাৰ বাজেট অধিৱেশনত ঘূণাসুঁতিক সংযোগ কৰি ঘাগৰৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত গ্ৰহণ কৰে ৷ শুকুৰবাৰে বাজেটত সদৰী হোৱাৰ লগে লগে ঘূণাসুঁতিবাসী আনন্দত আত্মহাৰা হৈ পৰে । দীৰ্ঘদিনীয়া এক যন্ত্রণাৰ অৱসান ঘটাৰ আনন্দত ৰাইজে ওলাই আহি আনন্দ প্ৰকাশ কৰে ।

সমানে ৰাজ্য চৰকাৰ, স্থানীয় বিধায়ক মানৱ ডেকা, সাংসদ প্ৰদান বৰুৱা, মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাই শ্লোগান দিয়ে ঘূণাসুঁতিবাসীয়ে । স্বাধীনতাৰ ৭৪ বছৰৰ পাছত এখন দলং উপহাৰ পোৱা ঘূণাসুঁতিবাসীয়ে এতিয়া উন্নয়নৰ ক্ষেত্রত আগুৱাব পাৰিব । সমানে গুৰুত্ব বৃদ্ধি পাব ঘূণাসুঁতিৰ । পুনৰ লোকচক্ষুৰ আগত উজলি উঠিব জংকী-পানৈৰ অমৰ প্ৰেম কাহিনীৰে সংপৃক্ত মিৰি জীয়ৰীৰ দেশ ঐতিহাসিক ঘূণাসুঁতি ।

উল্লেখ্য যে, মিচিং জনগোষ্ঠীৰ লোকসকল বৃহত্তৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ ৷ ৰাজ্যৰ উন্নয়নৰ যাত্ৰাপথত মিচিং জনগোষ্ঠীয়ে যথেষ্ট অৰিহণা যোগাইছে ৷ 2020 চনৰ ফেব্ৰুৱাৰী মাহত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘূণাসুঁতি আৰু লখিমপুৰৰ মাজৰ যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে ঘাগৰঘাটত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৷ ইয়াৰ পাচতেই চলিত বৰ্ষত উত্থাপিত হোৱা বাজেটত ঘূণাসুঁতিক সংযোগ কৰি ঘাগৰৰ ওপৰত এখন দলং নিৰ্মাণৰ সিদ্ধান্তত আনন্দিত হৈ পৰে ঘূণাসুঁতিবাসী ৷

লগতে পঢ়ক: পথাৰত হাল বাঁওতেই কপাল ফুলিল কৃষকৰ

Last Updated : Jul 18, 2021, 11:59 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.