নাওবৈচা,18 ফেব্ৰুৱাৰী: লখিমপুৰ জিলাৰ কৃষকসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে অসম চৰকাৰে ৷ 10 কোটি টকা ব্যয় সাপেক্ষে জিলাখনৰ কৰুণাবাৰীত স্থাপন হ’ব এটি শীতলীকৰণ ভঁৰাল ৷ যাৰ জৰিয়তে উপকৃত হ'ব কৃষকসকল ৷ কিয়নো শীতলীকৰণ ভঁৰালৰ অভাৱত দীৰ্ঘদিনৰ পৰা লোকচানৰ সন্মুখীন হৈ আহিছে কৃষকসকল ৷ বাৰে বাৰে কৃষি বিভাগক এটা শীতলীকৰণ ভঁৰাল স্থাপনৰ বাবে দাবী জনাই আহিছিল, যদিও কোনো সুফল পোৱা নাছিল কৃষক সকলে ৷ তাৰ পৰিপ্ৰেক্ষিতত এই খবৰে স্বাভাৱিকতে হাঁহি বিৰিঙাইছে কৃষকসকলৰ মুখত ৷
বুধবাৰে নাওবৈচা সমষ্টিৰ বিধায়কৰ তৎপৰতাত শীতলীকৰণ ভঁৰালটোৰ শুভাৰম্ভ কৰাত যথেষ্ট আশাবাদী হৈ পৰিছে স্থানীয় কৃষকসকল ৷ অসম চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা এই ভঁৰালটোৱে কেৱল লখিমপুৰৰ কৃষককে নহয়, উত্তৰ অসমৰ কৃষক সকলকো উপকৃত কৰিব বুলি মত প্ৰকাশ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷ অৱশেষত পলমকৈ হ'লেও অসম চৰকাৰে কৃষকসকলৰ এনে অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰাত অঞ্চলটোৰ কৃষকসকল উৎফুল্লিত হৈ পৰিছে ৷
লগতে পঢ়ক: আজি স্থাপন হ'ব ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ আধাৰশিলা