লখিমপুৰ,23 চেপ্তেম্বৰ: লখিমপুৰত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে অপৰাধমূলক কাৰ্য ৷ চহৰখনৰ কদমত পথৰ দাঁতিৰ পৰা মঙলবাৰে দিন-দুপৰতে চোৰে চুৰি কৰি নিয়ে এখন গ্লেমাৰ বাইক ৷ উক্ত ঘটনাই স্থানীয় ৰাইজৰ মাজত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে ৷ জিলাখনৰ কদম তিনিআলিৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত চুৰি হয় বাইকখন ।
ইফালে, চুৰি হোৱা ৰঙা ৰঙৰ হিৰ’ গ্লেমাৰ বাইকখনৰ নম্বৰ হৈছে এএছ 07 এইচ 7145 ৷ বাইকখনৰ গৰাকীয়ে চুৰিৰ প্ৰসংগত বগীনদী থানাত দাখিল কৰে এক এজাহাৰ ৷ সদাশয় কোনো ব্যক্তিয়ে বাইকখনৰ সম্ভেদ পালে 6002279821 নম্বৰত যোগাযোগ কৰিবলৈ বাইকৰ গৰাকীয়ে অনুৰোধ জনাইছে ৷