লখিমপুৰ, 23 অক্টোবৰ : মুক্তি যুঁজাৰু তুলাৰাম কোঁচৰ দেহাৱসান ৷ বৃহস্পতিবাৰে নিশা ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে মুক্তি যুঁজাৰুগৰাকীয়ে ৷ শাৰীৰিক অসুস্থতাৰ বাবে বুধবাৰে লখিমপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটে স্বাধীনতা সংগ্ৰামী তুলাৰাম কোঁচৰ ।
প্ৰয়াত তুলাৰাম কোঁচৰ ঘৰ লখিমপুৰৰ চিয়াজুলি হিন্দু মাজ গাঁৱত । দেশৰ স্বাধীনতাৰ সংগ্ৰামত বলিষ্ঠ নেতৃত্বৰে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল সংগ্ৰামী তুলাৰাম কোঁচে ৷ দেশৰ স্বাধীনতাৰ যুঁজত তুলাৰাম কোঁচে দিছিল দেশাত্মবোধৰ পৰিচয় ৷
লগতে পঢ়ক : মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী
এনে এগৰাকী স্বাধীনতা সংগ্ৰামীৰ মৃত্যুত এতিয়া লখিমপুৰ জিলাৰ লগতে সমগ্ৰ উত্তৰ অসমত পৰিছে শোকৰ ছাঁ ।
লখিমপুৰ জিলাৰ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত জিলা প্ৰশাসনে প্ৰয়াত মুক্তি যুঁজাৰু গৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্য্যাদাৰে সম্পন্ন কৰে । স্বাধীনতা সংগ্ৰামী তুলাৰাম কোঁচৰ শেষ যাত্ৰাত অলেখ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ নহয় স্থানীয় বিধায়কজনৰহে থাকে ভূমি পট্টা দিয়াৰ অধিকাৰ : অখিল