ETV Bharat / state

বিহপুৰীয়াত বিনামূলীয়া অনলাইন পাঠদান: ১ লাখ চাকৰিৰ লক্ষ্য - বিনামূলীয়া অনলাইন পাঠদান

৫ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়া অনলাইন পাঠদানত নামভৰ্তি কৰিব পাৰিব আৰু ১৫ জুলাইৰ পৰা এই পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব । বিনামূলীয়া অনলাইন পাঠদান (Free Online Classes)ৰ বাবে এটা ৱেবচাইটো (Website) মুকলি কৰা হ’ব ৷ ইতিমধ্যে ৱেবচাইটোৰ নিৰ্মাণ (Website Design)ৰ কাম চলি আছে আৰু ১৫ আগষ্টত এই ৱেবচাইটটো (Website)মুকলি কৰা হ'ব ।

free-online-classes-inaugurated-by-amiya-kumar-bhuyan-at-bihpuriya
বিহপুৰীয়াত বিনামূলীয়া অনলাইন পাঠদান: ১ লাখ চাকৰিৰ লক্ষ্য
author img

By

Published : Jun 28, 2021, 7:25 AM IST

বিহপুৰীয়া, 28 জুন : ৰাজ্য চৰকাৰৰ ১ বছৰৰ ভিতৰত ১ লাখ চাকৰি প্ৰদানৰ যি লক্ষ্য তাত বিহপুৰীয়া সমষ্টি (Bihpuria Constituency)ৰ শিক্ষিত নিবনুৱাসকলে নিযুক্তি পাব পৰাকৈ বিহপুৰীয়াৰ সমষ্টিৰ বিধায়ক (Bihpuria MLA)ৰ নেতৃত্বত অচিৰেই আৰম্ভ হ'ব বিনামূলীয়া অনলাইন পাঠদান । প্ৰথম পৰ্যায়ত প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুল টেট (TET)ৰ বাবে সমষ্টিটোৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবৰ বাবে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইতিমধ্যে বিনামূলীয়া অনলাইন পাঠদানৰ বাবে সমষ্টিটোৰ ৫০ গৰাকীকৈ শিক্ষকক সমল ব্যক্তি হিচাপে বাচনি কৰা হৈছে ৷

বিহপুৰীয়াত বিনামূলীয়া অনলাইন পাঠদান: ১ লাখ চাকৰিৰ লক্ষ্য

বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই (Amiya Kumar Bhuyan) দেওবাৰে কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে ৷ ৫ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া অনলাইন পাঠদানত নামভৰ্তি কৰিব পাৰিব আৰু ১৫ জুলাইৰ পৰা এই পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব । বিনামূলীয়া অনলাইন পাঠদানৰ বাবে এটা ৱেবচাইটো (Website) মুকলি কৰা হ’ব ৷ ইতিমধ্যে ৱেবচাইটোৰ নিৰ্মাণ (Website Design)ৰ কাম চলি আছে আৰু ১৫ আগষ্টত এই ৱেবচাইটটো (Website) মুকলি কৰা হ'ব ।

বিধায়ক ড° অমিয় কুমাৰ ভূঞা (Amiya Kumar Bhuyan)ই বিহপুৰীয়া সমষ্টিত শিক্ষা, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ কথা জানিবলৈ দিয়ে ৷ নিৰ্বাচনৰ পূৰ্বে সমষ্টিবাসীক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ভৱিষ্যত প্ৰজন্মক আগুৱাই নিয়াৰ যি সপোন তাৰে অংশ হিচাপে এই পদক্ষেপ বুলি সংবাদমেলত উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰথম পৰ্যায়ত টেট (TET) পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰি তোলাৰ বাবে ব্যৱস্থা লোৱা হৈছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ লগতে আন আন বিভাগতো এনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথা বিধায়ক ড° অমিয় কুমাৰ ভূঞাই (Amiya Kumar Bhuyan) জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে ৰাইজৰ পৰামৰ্শৰে বাজেট দাখিলৰ প্ৰস্তুতি মন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.