বিহপুৰীয়া, 25 ছেপ্তেম্বৰ: নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কৈলাশপুৰ গাঁৱত ব্ৰইলাৰ চুৰি কৰি আৰক্ষীৰ জালত পৰিল নামঘৰীয়া সহ চাৰিটা চোৰ ৷ ধৃত চোৰ কেইটা একে গাঁৱৰে সোনেশ্বৰ কলিতা, মহেন্দ্ৰ আৰন্ধৰা, জয়ন্ত আৰন্ধৰা আৰু প্ৰদীপ শইকীয়া বুলি জানিব পৰা গৈছে ৷ ইয়াৰে মহেন্দ্ৰ আৰন্ধৰা নামৰ চোৰটো গাঁও পৰিচালনা সমিতিৰ সভাপতি হোৱাৰ লগতে গাঁৱৰ নামঘৰীয়া আৰু পাঠক আছিল ৷
উল্লেখ্য যে, কেইদিনমান পূৰ্বে কৈলাশপুৰ গাঁৱৰ জয়ন্ত বৰুৱাৰ ব্ৰইলাৰ ফাৰ্মৰ পৰা চুৰি হৈছিল শতাধিক ব্ৰইলাৰ মূৰ্গী ৷ উত্থাপিত অভিযোগ অনুসৰি ব্ৰইলাৰ ফাৰ্ম খনত ৰখীয়া হিচাপে কৰ্মৰত সোনেশ্বৰ কলিতা নামৰ যুৱকজনক 4500 টকা গুজি দি চোৰ কেইটাই প্ৰায় আঢ়ৈ কেজি ওজনৰ শতাধিক মুৰ্গী চুৰি কৰি নিয়ে ৷ পৰৱৰ্তী সময়ত ব্ৰইলাৰ ফাৰ্ম খনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই চুৰি কাণ্ডৰ সন্দৰ্ভত নাৰায়ণপুৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত ৰখীয়া সোনেশ্বৰ কলিতাক আৰক্ষীয়ে আটক কৰে ৷
আৰক্ষীৰ জেৰাত ৰখীয়া সোনেশ্বৰ কলিতাই দিয়া স্বীকাৰোক্তিৰ ভিত্তিত একে গাঁৱৰে খেল পৰিচালনা সমিতিৰ সভাপতি তথা গাঁৱৰ নামঘৰৰ নামঘৰীয়া আৰু পাঠক হিচাপে কৰ্মৰত মহেন্দ্ৰ আৰন্ধৰা, পুত্ৰ জয়ন্ত আৰন্ধৰা আৰু প্ৰদীপ শইকীয়াক শুকুৰবাৰে নিশা নাৰায়ণপুৰ আৰক্ষীৰ এটা দলে নিজ নিজ ঘৰৰ পৰা আটক কৰি আনে আৰু পৰৱৰ্তী সময়ত আটাইজনকে গ্ৰেপ্তাৰ কৰে ৷
ইফালে নামঘৰীয়া জনৰ লগতে আন কেইজনে উক্ত অভিযোগ খণ্ডন কৰি চুৰি কাৰ্যৰ লগত তিলমানো জড়িত নাই বুলি দাবী কৰিছে ৷ এজন নামঘৰীয়া তথা পাঠক এনেদৰে ব্ৰইলাৰ চুৰিৰ ঘটনাত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়কঃ মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’