লখিমপুৰ,১ জুলাই: আজিৰে পৰা দেশজুৰি সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে ৭৩ সংখ্যক বন মহোৎসৱ(National Forest Festival begins across India from today) । ১ জুলাইৰ পৰা ৭ জুলাইলৈ সপ্তাজোৰা কাৰ্যসূচীৰে চলিব এই মহোৎসৱ । ১৯৫০ চনত কানায়ালাল মানেকলাল মুঞ্চীয়ে আৰম্ভ কৰা এই মহোৎসৱ বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আৰম্ভ কৰা হৈছে । উল্লেখ্য যে সেই সময়ত কৃষি আৰু খাদ্যৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত থকা কানায়ালাল মানেকলাল মুঞ্চীয়ে দিল্লীৰ ৰাজঘাটত এজোপা গছ ৰোপণ কৰি তেওঁ এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল ।
দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো শুকুৰবাৰে গছ পুলি বিতৰণ আৰু ৰোপণেৰে সপ্তাহজোৰা এই কাৰ্যসূচীৰ পাতনি মেলা হয় । জিলাখনৰ ভিতৰত শুকুৰবাৰে প্ৰথম এই কাৰ্যসূচী আৰম্ভ কৰা হয় জহিং খণ্ড বন বিষয়াৰ কাৰ্যালয়ত । কাৰ্যালয়টোত আনুষ্ঠানিকভাবে কেইবা শ মূল্যবান গছপুলি বিতৰণ কৰা হয় । গছপুলি বিতৰণ ৰ শুভাৰম্ভ কৰে লখিমপুৰৰ ৰেঞ্জাৰ নাৰায়ণ ঠাকুৰীয়াই । সহযোগ কৰে ডেপুটি ৰেঞ্জাৰ শংখনাথ পেগু আৰু জহিং খণ্ড বন বিষয়া মুকিবুৰ ৰহমানে ।
অনুষ্ঠানটোত প্ৰকৃতি প্ৰেমী হামিদুৰ ৰহমানেও অংশগ্রহণ কৰি স্থানীয় লোকৰ মাজত গছপুলি বিতৰণ কৰি পুলিসমুহ প্ৰতিপালন কৰি এখন সেউজীয়া পৃথিবী গঢ় দিবলৈ ৰাইজক আহ্বান জনায় । উল্লেখ্য যে জুলাই মাহৰ প্ৰথম সপ্তাহটো গছ ৰোপণ কৰাৰ উপযুক্ত সময় । কিয়নো ভাৰতবৰ্ষৰ অধিকাংশ ঠাইতেই এই সময়চোৱাত মৌচুমী বায়ু ব'বলৈ ধৰে । আৰু সেই উদ্দেশ্যেৰেই প্ৰতিবছৰে এই বন মহোৎসৱ পালন কৰা হয় ।
লগতে পঢ়ক: Road accident at Bokakhat: ভাতৃৰ ঘৰলৈ গৈ উভতি নাহিল বুদ্ধিৰাম