ETV Bharat / state

বানৰ কবলত নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল

বাঢ়নী পানীত বিপৰ্যস্ত নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল ৷ শতাধিক পৰিয়ালৰ শ শ হেক্টৰ কৃষিভূমিত এতিয়া মাথো দলঘাঁহ৷ একাঠু পৰ্যন্ত পানীৰ বাবে যাতায়ত যোগাযোগ ব্যাহত ৷

author img

By

Published : Aug 3, 2019, 6:22 PM IST

বানৰ কবলত নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল

নাৰায়ণপুৰ, 3 আগষ্ট : বানৰ গ্ৰাসত আজিও ককবকাই আছে নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল৷ লখিমপুৰ জিলাৰ সীমামূৰীয়া গাঁওখনৰ পৰা আজিও আতৰি যোৱা নাই বাঢ়নী পানী৷ নাৰায়ণপুৰৰ দ্ৰোপাং, দিহিৰি, পিচলা আৰু চেঁচা চাৰিখন নৈৰ বাঢ়নী পানী একলগ হয় ভাতমৌ অঞ্চলত৷ ফলত গাঁওখনৰ পৰা বাঢ়নী পানী সহজে ওলাই নাযায়৷ গাঁওখনৰ শতাধিক পৰিয়ালৰ শ শ হেক্টৰ কৃষিভূমিত এতিয়া মাথো দলঘাঁহ৷ কৃষিজীৱি গাঁওখনৰ কৃষকে কৰিব পৰা নাই খেতি ৷ এইক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে ৰাইজে ৷ আনহাতে গাঁওখনৰ মূল পথটোৰ ওপৰত ঠায়ে ঠায়ে একাঁঠু পানীৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱা কৰাত সমস্যাৰ সৃষ্টি হোৱাত চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ নানা সমস্যাৰে ভাৰাক্ৰান্ত গাঁওবাসীয়ে এই ক্ষেত্ৰত বিচাৰিছে স্থায়ী সমাধান ৷

বানৰ কবলত নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল

নাৰায়ণপুৰ, 3 আগষ্ট : বানৰ গ্ৰাসত আজিও ককবকাই আছে নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল৷ লখিমপুৰ জিলাৰ সীমামূৰীয়া গাঁওখনৰ পৰা আজিও আতৰি যোৱা নাই বাঢ়নী পানী৷ নাৰায়ণপুৰৰ দ্ৰোপাং, দিহিৰি, পিচলা আৰু চেঁচা চাৰিখন নৈৰ বাঢ়নী পানী একলগ হয় ভাতমৌ অঞ্চলত৷ ফলত গাঁওখনৰ পৰা বাঢ়নী পানী সহজে ওলাই নাযায়৷ গাঁওখনৰ শতাধিক পৰিয়ালৰ শ শ হেক্টৰ কৃষিভূমিত এতিয়া মাথো দলঘাঁহ৷ কৃষিজীৱি গাঁওখনৰ কৃষকে কৰিব পৰা নাই খেতি ৷ এইক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে ৰাইজে ৷ আনহাতে গাঁওখনৰ মূল পথটোৰ ওপৰত ঠায়ে ঠায়ে একাঁঠু পানীৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱা কৰাত সমস্যাৰ সৃষ্টি হোৱাত চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ নানা সমস্যাৰে ভাৰাক্ৰান্ত গাঁওবাসীয়ে এই ক্ষেত্ৰত বিচাৰিছে স্থায়ী সমাধান ৷

বানৰ কবলত নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল
Intro:বানৰ গ্ৰাসত আজিও ককবকাই আছে নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল৷ লক্ষীমপুৰ জিলাৰ সীমামূৰীয়া গাওঁখনৰ পৰা আজিও আতৰি যোৱা নাই বাঢ়নী পানী৷ জিলা প্ৰশাসনৰ চকুত নপৰা গাওঁখনৰ জনসাধাৰণে আজিকোপতি কৃষিভূমিত এগোছ ৰোৱা ৰুৱ পৰা নাই৷ নাৰায়ণপুৰৰ দ্ৰোপাং, দিহিৰি, পিচলা আৰু চেঁচা চাৰিখন নৈৰ বাঢ়নী পানী একলগ হয় ভাতমৌ অঞ্চলত৷ ফলত গাওঁখনৰ পৰা বাঢ়নী পানী সহজে ওলাই নাযায়৷ গাওঁখনৰ শতাধীক পৰিয়ালৰ শ শ হেক্টৰ কৃষিভূমিত এতিয়া মাথো দলঘাঁহ৷ কৃষিজীৱি গাওঁখনৰ কৃষকে এগোচ ৰোৱা ৰুব নোৱাৰাত প্ৰতিদিনে দৰিদ্ৰতাৰ গ্ৰাসত সোমাই পৰিছে যদিও আজিকোপতি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ চলিত বাৰিষাত বানৰ লগত সহৱস্থান কৰা ভাতমৌ বাসীক আজিও চৰকাৰী বান সাহাৰ্য প্ৰদান কৰা হোৱা নাই৷ আনহাতে গাওঁখনৰ মূল পথটোৰ ওপৰত ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানীৰ বাবে যাতায়ত যোগাযোগ ব্যাহত হৈ পৰিছে৷ খোজকাঢ়ি অহা-যোৱা কৰাৰ বাহিৰে অন্য পথ নোহোৱাত গাওঁবাসীয়ে যমৰ যাতনা ভোগ কৰিব লগাত পৰিছে ৷ ভাতমৌ অঞ্চলৰ একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান ভাতমৌ মধ্য ইংৰাজী বিদ্যালয়খন এক আগষ্টৰ পৰা পাঠদান আৰম্ভ হোৱাত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে বোকা-পানী গছকি বিদ্যালয়লৈ আহিব লগাত পৰিছে৷ পথৰ দুৰৱস্থাৰ বাবে খলিহামাৰি, বৰথেকেৰাবাৰী, মাজৰ দলনি আৰু ভাতমৌ গাঁৱৰ একমাত্ৰ শিক্ষানুষ্ঠানখনলৈ একাংশ ছাত্ৰ ছাত্ৰীয়ে কলৰ ভুৰ লৈ আহিব লাগে৷ ভাতমৌ-মাজৰ দলনি সংযোগী পথটোৰ মাজত খনা পিছলা নৈৰ ওপৰত থকা জৰাজীৰ্ণ বাহৰ দলং খনৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ৷ বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱা কৰাত হোৱা সমস্যাৰ বাবে চিন্তিত হৈ পৰিছে গাওঁবাসী৷ চৰকাৰী উন্নয়ণৰ পোহৰ নপৰা বানে গৰকা ভাতমৌ অঞ্চলৰ ৰাইজে বান সমস্যা সমাধান কৰাৰ লগতে গাওঁখনৰ মূল পথটো শীঘ্ৰে নিৰ্মাণ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে ৷ জনপ্ৰতিনিধিয়ে প্ৰায় বৰ্জন কৰা গাওঁখনৰ জনসাধাৰণৰ চকুলো হৈ পৰা বানপানী সমস্যা সমাধানৰ বাবে চৰকাৰে সদিচ্ছা দেখুৱাব বুলি এতিয়াও আশা পালি আছে দুৰ্ভগীয়া অঞ্চলবাসীয়ে৷Body:বানৰ গ্ৰাসত আজিও ককবকাই আছে নাৰায়ণপুৰৰ ভাতমৌ অঞ্চল৷ লক্ষীমপুৰ জিলাৰ সীমামূৰীয়া গাওঁখনৰ পৰা আজিও আতৰি যোৱা নাই বাঢ়নী পানী৷ জিলা প্ৰশাসনৰ চকুত নপৰা গাওঁখনৰ জনসাধাৰণে আজিকোপতি কৃষিভূমিত এগোছ ৰোৱা ৰুৱ পৰা নাই৷ নাৰায়ণপুৰৰ দ্ৰোপাং, দিহিৰি, পিচলা আৰু চেঁচা চাৰিখন নৈৰ বাঢ়নী পানী একলগ হয় ভাতমৌ অঞ্চলত৷ ফলত গাওঁখনৰ পৰা বাঢ়নী পানী সহজে ওলাই নাযায়৷ গাওঁখনৰ শতাধীক পৰিয়ালৰ শ শ হেক্টৰ কৃষিভূমিত এতিয়া মাথো দলঘাঁহ৷ কৃষিজীৱি গাওঁখনৰ কৃষকে এগোচ ৰোৱা ৰুব নোৱাৰাত প্ৰতিদিনে দৰিদ্ৰতাৰ গ্ৰাসত সোমাই পৰিছে যদিও আজিকোপতি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ চলিত বাৰিষাত বানৰ লগত সহৱস্থান কৰা ভাতমৌ বাসীক আজিও চৰকাৰী বান সাহাৰ্য প্ৰদান কৰা হোৱা নাই৷ আনহাতে গাওঁখনৰ মূল পথটোৰ ওপৰত ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানীৰ বাবে যাতায়ত যোগাযোগ ব্যাহত হৈ পৰিছে৷ খোজকাঢ়ি অহা-যোৱা কৰাৰ বাহিৰে অন্য পথ নোহোৱাত গাওঁবাসীয়ে যমৰ যাতনা ভোগ কৰিব লগাত পৰিছে ৷ ভাতমৌ অঞ্চলৰ একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান ভাতমৌ মধ্য ইংৰাজী বিদ্যালয়খন এক আগষ্টৰ পৰা পাঠদান আৰম্ভ হোৱাত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে বোকা-পানী গছকি বিদ্যালয়লৈ আহিব লগাত পৰিছে৷ পথৰ দুৰৱস্থাৰ বাবে খলিহামাৰি, বৰথেকেৰাবাৰী, মাজৰ দলনি আৰু ভাতমৌ গাঁৱৰ একমাত্ৰ শিক্ষানুষ্ঠানখনলৈ একাংশ ছাত্ৰ ছাত্ৰীয়ে কলৰ ভুৰ লৈ আহিব লাগে৷ ভাতমৌ-মাজৰ দলনি সংযোগী পথটোৰ মাজত খনা পিছলা নৈৰ ওপৰত থকা জৰাজীৰ্ণ বাহৰ দলং খনৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ৷ বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱা কৰাত হোৱা সমস্যাৰ বাবে চিন্তিত হৈ পৰিছে গাওঁবাসী৷ চৰকাৰী উন্নয়ণৰ পোহৰ নপৰা বানে গৰকা ভাতমৌ অঞ্চলৰ ৰাইজে বান সমস্যা সমাধান কৰাৰ লগতে গাওঁখনৰ মূল পথটো শীঘ্ৰে নিৰ্মাণ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে ৷ জনপ্ৰতিনিধিয়ে প্ৰায় বৰ্জন কৰা গাওঁখনৰ জনসাধাৰণৰ চকুলো হৈ পৰা বানপানী সমস্যা সমাধানৰ বাবে চৰকাৰে সদিচ্ছা দেখুৱাব বুলি এতিয়াও আশা পালি আছে দুৰ্ভগীয়া অঞ্চলবাসীয়ে৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.