লখিমপুৰ, 22মেঃ কৰ‘ণাৰ আতংকৰ মাজতে লখিমপুৰত বানৰ আতংক । চুবুৰীয়া ৰাজ্য অৰুণাচলত দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত এৰি দিয়া হৈছে অৰুণাচলত থকা ৰঙানদীৰ জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী । নিশা পানী এৰি দিয়াৰ ফলত পুৱাৰে পৰা ফেনে ফুটুকাৰে বাঢ়িছে ৰঙানদী, ডিক্ৰং আৰু সোৱণশিৰি নদীৰ পানী ।
বছৰৰ প্ৰথমটো বানক লৈ এতিয়া শংকিত হৈছে পৰিছে নৈপৰীয়া লোকসকল ৷ কাৰণ এতিয়াও সম্পূৰ্ণ হৈ নুঠিল বহু মথাউৰিৰ কাম । চৰকাৰে প্ৰতিবাৰে আঁচনি ঘোষণা কৰে বান ৰোধৰ বাবে কিন্তু বাৰিষা অহাৰ লগে লগে পুনৰ একে পৰিস্থিতিৰ সৃষ্টি হয় বানাক্ৰান্ত অঞ্চলত ৷
লগতে পঢ়কঃ COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য