লখিমপুৰ,3 আগষ্ট : প্ৰচণ্ড গুলীয়াগুলি (Firing)ৰ ঘটনাই কঁপাই তুলিছে লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চল (Dulung Forest Reserve) ৷ মঙলবাৰে বিয়লিভাগত বনাঞ্চলখনত সংঘটিত হয় চোৰাং অৰুণাচলী কাঠ মাফিয়া আৰু বনৰক্ষী (Forest Guard)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলি ৷ বন মাফিয়াই বনাঞ্চলখনৰ পৰা চোৰাংভাৱে কাঠ সৰবৰাহ কৰাৰ খবৰ লাভ কৰাৰ পাচত অভিযান চলাইছিল বন বিভাগ (Forest Department)য়ে ৷
বন বিভাগৰ অভিযানত এটা কাঠৰ কুণ্ডা কঢ়িওৱা হাতী উদ্ধাৰ কৰাৰ লগতে তিনি চোৰাং কাঠ ব্যৱসায়ীক আটক কৰা হয় । দীৰ্ঘদিনৰ অন্তত বন বিভাগে বনজ সম্পদ লুণ্ঠনকাৰীৰ বিৰুদ্ধে এক সফল অভিযান চলোৱা বুলি জানিব পৰা গৈছে । লখিমপুৰ জিলা বন বিভাগৰ ৰেঞ্জাৰ বি চি কুটুমৰ নেতৃত্বত তথা পথালিপাম বনখণ্ডৰ বনকৰ্মী আৰু তাৰিয়ানী বনখণ্ডৰ কাৰ্যালয়ৰ বনকৰ্মীৰ সহযোগত চলিছিল এই অভিযান ৷
লগতে পঢ়ক : চৰাইদেউত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক
ৰাজগড়ৰ সমীপৰ পৰা প্ৰায় 10 কিলোমিটাৰ পদব্ৰজে গৈ দুলুং সংৰক্ষিত বনাঞ্চলৰ 2 নং ঘাগৰৰ সমীপৰ অসম অৰুণাচল সীমান্তত অৰুণাচলী চোৰাং কাঠ মাফিয়াৰ এটা দলৰ বিৰূদ্ধে অভিযান চলায় বন বিভাগে ৷ মূল্যৱান গছৰ কুণ্ডা হাতীৰে সৰবৰাহ কৰি থকাৰ সময়তে প্ৰথমে বন বিভাগৰ লোকে বনদস্যুৰ প্ৰায় 7 জনীয়া এটা দলক আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়ে ৷
কিন্তু সেই নিৰ্দেশ অমান্য কৰি বন মাফিয়া (Timber Mafia)ৰ দলটোৱে বন বিভাগলৈ গুলীবৰ্ষণ কৰে ৷ ইয়াৰ পাচতে বন বিভাগৰ দলটোৱেও গুলিৰে তাৰ উচিত প্ৰত্যুত্তৰ দিয়ে । ভালেমান সময় ধৰি চলা এই গুলীয়াগুলিৰ মাজতে বন মাফিয়াৰ দলটোৱে অৰণ্যৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰে যদিও দলটোৰ মাফিয়া শিমলুগুৰিৰ নিৱাসী ক্ৰমে বিকাশ গগৈ (30), কোহেশ্বৰ গগৈ (37), ৰাজু দাস (48)ক আটক কৰি কুণ্ডা কঢ়িওৱা এটা হাতী উদ্ধাৰ কৰে বন বিভাগে ৷
লগতে পঢ়ক : তিনিচুকীয়াত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক
অৱশ্যে পলাই সাৰিবলৈ সক্ষম হয় অৰুণাচলী বন মাফিয়াকেইটা ৷ অৰুণাচল প্ৰদেশৰ তনু নামৰ কুখ্যাত বনদস্যুটোৰ নেতৃত্বত এই চোৰাং কাঠ সৰবৰাহ হৈছিল বুলি জানিব পৰা গৈছে । গুলীয়াগুলিৰ মাজতে তনু পলাই সাৰিবলৈ সক্ষম হয় যদিও তনু সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷ যি সময়ত অসমৰ সৈতে মিজোৰামকে ধৰি চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদ (Border Dispute)য়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে, তেনে সময়তে লখিমপুৰ জিলা বন বিভাগে চোৰাং কাঠ মাফিয়াৰ বিৰূদ্ধে তীব্ৰ অভিযান চলাই দুলুং বনাঞ্চলক বনদস্যুৰ হাতৰ পৰা কিছু পৰিমাণে ৰক্ষা কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : ডবকাত বন বিভাগৰ অভিযান