দেশত ১০০ কোটি আৰু ৰাজ্যত ১ কোটি ক’ভিড প্ৰতিষধক প্ৰদান সম্পূৰ্ণ - covid
বৃহস্পতিবাৰে সম্পূৰ্ণ হ’ল দেশৰ ১০০ কোটি জনতাক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া ৷ যাৰ বাবে বিজেপিৰ কৰ্মী সকলে উদযাপন কৰে এই বিশেষ দিনটো ৷ এই উদ্দেশ্যে নাৰায়ণপুৰ মণ্ডল বিজেপিৰ নেতৃত্বত নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়কে ধৰি প্ৰতিটো উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীসকলক সম্বৰ্দ্ধনা জনোৱা হয় ৷
বিহপুৰীয়া, 22 অক্টোবৰ : ৰাজ্য তথা দেশবাসীৰ বাবে এক সু-খবৰ ৷ দেশত ইতিমধ্যে সম্পূৰ্ণ হৈছে 100 কোটি জনতাক ভেকচিন প্ৰদানৰ কাৰ্যসূচী ৷ এক প্ৰকাৰে ক’ব পাৰি যে, ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ দেশৰ অধিকাংশ জনতাই ইতিমধ্যে লাভ কৰিছে কৰ’ণা মহামাৰীৰ সুৰক্ষা কৱচ স্বৰূপ ক’ভিড প্ৰতিষেধক ৷
বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলত ৰাজ্যতো ইতিপূৰ্বে 1 কোটি জনতাক প্ৰদান কৰা হৈছে ক’ভিড প্ৰতিষেধক ৷ এই উপলক্ষে বৃহস্পতিবাৰে ৰাজ্যজুৰি ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তা সকলে কাল কৰ’ণাৰ সৈতে সন্মুখৰ পৰা যুঁজ দি যোদ্ধা সকলক সম্বৰ্দ্ধনা জনায় ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নাৰায়ণপুৰ মণ্ডল বিজেপিৰ নেতৃত্বত নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়কে ধৰি প্ৰতিটো স্বাস্থ্য উপকেন্দ্ৰলৈ গৈ স্বাস্থ্য কৰ্মীসকলক ফুলাম গামোচা পিন্ধাই সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
লগতে পঢ়ক : সম্পূৰ্ণ হ’ল ১০০ কৌটি জনতাক ফ্ৰী' ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া: বৰপেটাত অভিনন্দন কাৰ্যসূচী
উল্লেখ্য যে, বৃহস্পতিবাৰৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি সৰুপথাৰতো স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনাই বিধায়ক বিশ্বজিৎ ফুকনে ৷ লগতে স্বাস্থ্যকৰ্মী তথা স্বাস্থ্য সেৱাৰ লগত জড়িত সকলোকে আগুৱাই যাবলৈ প্ৰেৰণা যোগাই ৷ সকলোৰে লক্ষ্য, ক’ভিড মুক্ত এখন দেশ গঢ়াৰ ৷
এক প্ৰকাৰে ক’ব পাৰি যে, কাল কৰ’ণাৰ সংক্ৰমণৰ মাজতো বৃহস্পতিবাৰ পৰ্যন্ত ভাৰতত ১০০ কোটি লোকক ক'ভিড প্ৰতিষধক প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাতো এটা শুভ লক্ষণ ৷ সেয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়া(Mansukh Mandaviya)ই ক’ভিড প্ৰতিষধক লব’লৈ সকলোকে আহ্বান জনায় ।
লগতে পঢ়ক : ভাৰতত ১০০ কোটি লোকৰ ক'ভিড-১৯ টীকাকৰণ সম্পন্ন