বিহপুৰীয়া, 6 জানুৱাৰী : ভাৰত চৰকাৰৰ জলশক্তি বিভাগৰ মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক গজেন্দ্ৰ সিং শ্বেখাৱটৰ কন্যা সোহাষিণী শ্বেখাৱত আহি বুধবাৰে নাৰায়ণপুৰত উপস্থিত হয় ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ দল । মহাবাহু ব্ৰহ্মপুত্ৰৰে এক বিশেষ নৌকা অভিযানত অংশগ্ৰহণ কৰাৰ পথত নাৰায়ণপুৰত উপস্থিত হয় সৰ্বভাৰতীয় পৰ্যায়ৰ জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী তনয়া সোহাষিণী শ্বেখাৱট। "ব্ৰহ্মপুত্ৰ অভিশাপ নহয়, ব্ৰহ্মপুত্ৰ অসমৰ পৰিচয় আৰু স্বাভিমান। ব্ৰহ্মপুত্ৰক অৱহেলা নকৰিব।" নাৰায়ণপুৰত উপস্থিত হৈ এই মন্তব্য কৰে সোহাষিণী শ্বেখাৱটে।
উল্লেখ্য যে, ২৩ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ গালিঙৰ পৰা নৌকা যাত্ৰা আৰম্ভ কৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কন্যা সোহাষিণী শ্বেখাৱটৰ নেতৃত্বত আহি বুধবাৰে নাৰায়ণপুৰত উপস্থিত হয় ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ দলটো। ভাৰত চৰকাৰৰ জলশক্তি বিভাগৰ সৌজন্যত অহা অভিযানকাৰী দলটোৱে মঙলবাৰে মাজুলীত অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি বিয়লি নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত উপস্থিত হৈ লখিমপুৰ জিলা প্ৰশাসন, স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে। দলটোৱে অভিযান কালত লাভ কৰা তথ্য আৰু অভিজ্ঞতাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। মহাবাহুৰ বুকুৰে আহি নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত উপস্থিত হোৱা দলটোক লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।
উল্লেখ্য যে, মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ গুনাগুণ, বান-গড়াখহনীয়া, মৎস্য বিবিধতা আদি সন্দৰ্ভত অধ্যয়নৰ উদ্দেশ্য আৰু নদীৰ সৈতে সহাৱস্থানৰ গুৰুত্বপূৰ্ণ দিশৰ প্ৰতি লক্ষ্য ৰাখি অভিযান আৰম্ভ কৰা দলটো অহা ২০ জানুৱাৰীত অভিযানকাৰী দলটো ধুবুৰী জিলাৰে গৈ বাংলাদেশ সীমান্তত উপস্থিত হ‘ব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: কৰ'ণা ভাইৰাছতকৈ অধিক ভয়ানক কংগ্ৰেছঃ অতুল বৰা