ETV Bharat / state

Protest against price hike: নাম-কীৰ্তনেৰে যোগান মন্ত্ৰীৰ সুমতিৰ মিনতি

author img

By

Published : Aug 8, 2023, 9:33 PM IST

মঙলবাৰে বিয়লি হঠাৎ লখিমপুৰ নগৰৰ কমলাবাৰী পথত নাগাৰা নামৰ উজান উঠে । আকাশ-বতাহ কঁপাই তোলা এই নাগাৰা নাম শুনিবলৈ ৰাইজৰ ভিৰ হয় । সকলোৱে কি নো হৈছে বুলি উৎসুক হৈ নাম শুনিবলৈ আহে । পিছে হঠাতে উঠা এই নামৰ ধ্বনি কোনো ধৰ্মমূলক নাম নাছিল । আছিল ধৰ্মমূলক নামৰ সুৰত ব্যংগ কৰি গোৱা নাগাৰা নাম । মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চই এইদৰে ব্যতিক্রমী প্ৰতিবাদ সাব্যস্ত কৰে ৷

Exceptional protest against price hike in Lakhimpur
নাম-কীৰ্তনেৰে সুমতি বিচাৰিলে যোগান মন্ত্ৰীৰ

লখিমপুৰ ৮ আগষ্ট: অত্যাৱশ্যকীয় সামগ্ৰী, জীৱনদায়িনী ঔষধকে আদি কৰি প্ৰায় প্ৰতিটো সামগ্ৰীৰে অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে ৰাজ্যৰ জনতাক । চৰকাৰে শোধোৱা ৰামটাঙোনৰ কোব সহি অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । ইয়াৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদ ।

পিছে তেওঁ যেন গা-লৰা নাই যোগান বিভাগ কিম্বা যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । সেয়ে এইবাৰ ৰণজিৎ কুমাৰ দাসৰ সুমতি বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হ'ল অসমীয়া যুৱ মঞ্চ । লখিমপুৰত নাগাৰা নাম কীৰ্তনেৰে মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ সুমতি কামনা কৰিলে অসমীয়া যুৱ মঞ্চই । মূল্য বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ ।

মঙলবাৰে বিয়লিৰ ভাগত লখিমপুৰত নাগাৰা নাম-কীৰ্তনেৰে আকাশ-বতাহ মূখৰিত হৈ পৰে । লখিমপুৰ নগৰৰ কমলাবাৰী পথত অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া সকলে ধূতি-কামিজ পৰিধান কৰি কান্ধত গামোচা লৈ নাগাৰা নাম-কীৰ্তনেৰে এক উচ্চল পৰিৱেশৰ সৃষ্টি কৰে । তেওঁলোকে নাগাৰা নাম পৰিবেশন কৰিলেও সেইয়া কিন্তু ধৰ্মমূলক নাছিল । আছিল ৰাজ্যৰ যোগান মন্ত্রীক কটাক্ষ কৰা নাম ।

"ৰণজিৎ দাস কিনো তোমাৰ লীলা, মূল্য বৃদ্ধি কৰি কৰি দুখীয়াৰ তেজ খালা", এনেধৰণৰ গীত ধৰ্মমূলক গীতৰ সুৰত গাই অসমীয়া যুৱ মঞ্চই মূল্য বৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোগান মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ জ্বলাই নাগাৰা নাম-কীৰ্তনেৰে তেওঁৰ সুমতি কামনা কৰি অসমীয়া যুৱ মঞ্চই এইদৰে ব্যতিক্রমী প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই প্ৰতিবাদী নাম-কীৰ্তনস্থলীত অংশগ্ৰহণ কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সচিব অনুপম শইকীয়া, জিলা সমিতিৰ সভাপতি চিৰঞ্জিত বৰদলৈ আদিয়ে যোগান মন্ত্রী ৰণজিৎ দাসক ক্ষুৰধাৰ সমালোচনা কৰে । তেওঁলোকে কয় গছৰ মূঢা সদৃশ ৰাজ্যৰ যোগান মন্ত্রী ৰণজিৎ দাস । তেওঁ প্ৰাতঃভ্ৰমণ কৰি নিজৰ স্বাস্থ্য ঠিকেই বজাই ৰাখিছে ।

কিন্তু জনসাধাৰণে কেনেদৰে জীৱন ধাৰণ কৰিছে তাৰ প্ৰতি তেওঁৰ ভ্ৰক্ষেপ নাই । ৰাইজে এই চৰম মূল্য বৃদ্ধিৰ সময়ত কেনেদৰে জীয়াই থাকিব লগীয়া হৈছে সেইয়া অনুধাৱন কৰিব নোৱাৰা মন্ত্রীগৰাকীৰ সুমতি কামনা কৰি নাম-কীৰ্তন কৰা হৈছে । মন্ত্রীগৰাকীৰ মগজু বিকল বুলিও অভিহিত কৰি মঞ্চৰ নেতৃত্বই এনে এজন মন্ত্রী হোৱাতকৈ নোহোৱাই ভাল বুলি ক্ষোভ প্রকাশ কৰি তেওঁক যোগান বিভাগৰ পৰা আঁতৰাই দিবলৈ মুখ্যমন্ত্রীক আহ্বান জনায় ।

লগতে পঢ়ক: Dengue Outbreak in Dibrugarh: ডিব্ৰুগড়ত ডেংগুত আক্ৰান্ত মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.