ETV Bharat / state

লখিমপুৰত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰই চাউলধোৱা সোৱণশিৰি নদীৰ দলঙৰ সমীপৰ পৰা যন্ত্ৰ চালিত নাৱেৰে সোৱণশিৰি নদীৰ বুকুৰে গৈ ভীমপৰা মথাউৰিৰ খহনীয়া আৰু মেৰামতি অংশ সমূহ পৰিদৰ্শন কৰে।

author img

By

Published : May 29, 2021, 5:52 PM IST

লখিমপুৰত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ
লখিমপুৰত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

লখিমপুৰ, 29 মে’: শনিবাৰে লখিমপুৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাক লগত লৈ লখিমপুৰৰ ভীমপৰা মথাউৰি পৰিৰ্দশন কৰে ।

উল্লেখযোগ্য যে, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰই চাউলধোৱা সোৱণশিৰি নদীৰ দলঙৰ সমীপৰ পৰা যন্ত্ৰ চালিত নাঁৱেৰে সোৱণশিৰি নদীৰ বুকুৰে গৈ ভীমপৰা মথাউৰিৰ খহনীয়া আৰু মেৰামতি অংশ সমূহ পৰিদৰ্শন কৰে ।

ইপিনে মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ আৰু জল সম্পদ বিভাগৰ বহুকেইজন উচ্চ পদস্থ বিষয়াই সংগ দিয়ে । আনহাতে, মন্ত্ৰী গৰাকীয়ে মথাউৰি পৰিৰ্দশন কৰি নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰ আৰু চৰকাৰী কৰ্মচাৰী সকলক উন্নত মানৰ কাম কৰিবিলৈ নিৰ্দেশ দিয়ে ।

একেদৰে মথাউৰি পৰিদৰ্শন কালত মন্ত্ৰী পীযুষ হাজৰিকাই অসমৰ দীৰ্ঘম্যাদী বানপানীৰ সমস্যা সমাধানৰ বাবে যথেষ্ট টকাৰ প্ৰয়োজন হোৱাৰ কথা উল্লেখ কৰি সু-পৰিকল্পনা আৰু পৰিকল্পিত আচঁনিৰেহে এই সমস্যা সমাধান কৰাটো সম্ভৱ বুলি কয় ।

লগতে পীযুষ হাজৰিকাই সদৰি কৰে যে, এই বান সমস্যাৰ সামাধানৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আঁচনি গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়কঃ শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.