ETV Bharat / state

"সৌভাগ্য" প্ৰদানৰ পিচৰে পৰা দুৰ্ভাগ্যই লগ এৰা নাই চাউলধোৱাবাসীক

author img

By

Published : Oct 25, 2019, 10:06 AM IST

"সৌভাগ্য" বিনামূলীয়া আচনিৰ নামত প্ৰতিটো পৰিয়ালৰ পৰা দালালে সংগ্ৰহ কৰিলে ৫000 পৰা ১৪000 পৰ্যন্ত। অৱশেষত লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ অধীনৰ বগীনদী বিদ্যুৎ সেৱা কেন্দ্ৰই পৰিয়ালসমূহক যোগান ধৰিলে সৌভাগ্য আচনিৰ বিদ্যুৎ।

লখিমপুৰৰ চাউলধোৱা

লখিমপুৰ, 25 অক্টোবৰ: চৰকাৰী আঁচনিৰ প্ৰহসন বৰ্তমান সময়ৰ কোনো নতুন বিষয় নহয় ৷ গাঁৱৰ দুখীয়া দৰিদ্ৰৰ সুবিধাৰ্থে চৰকাৰে প্ৰদান কৰা সুবিধাসমূহৰ গাঁওবাসীয়ে লাভালাভ উঠাব নোৱাৰিলেও কিন্তু একাংশই সম্পূৰ্ণ লাভালাভ উঠাইছে এই আচনিসমূহৰ পৰা ৷ দৰিদ্ৰ পৰিয়ালসমূহক বিদ্যুতৰ পোহৰ দিবলৈ ভাৰত চৰকাৰৰ আচনিৰ নাম আছিল "সৌভাগ্য" কিন্তু প্ৰহসনৰ কোবত লখিমপুৰ জিলাৰ চাউলধোৱাৰ একাংশ পৰিয়ালৰ বাবে "সৌভাগ্য" পৰিণত হ'ল দুৰ্ভাগ্যলৈ ৷ "সৌভাগ্য" বিনামূলীয়া আচনিৰ নামত প্ৰতিটো পৰিয়ালৰ পৰা দালালে সংগ্ৰহ কৰিলে ৫000 পৰা ১৪000 পৰ্যন্ত। অৱশেষত লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ অধীনৰ বগীনদী বিদ্যুৎ সেৱা কেন্দ্ৰই পৰিয়ালসমূহক যোগান ধৰিলে সৌভাগ্য আচনিৰ বিদ্যুৎ।

লখিমপুৰ জিলাৰ চাউলধোৱা

উল্লেখ্য যে, সৌভাগ্য আঁচনিৰ অধিনত প্ৰায় ৩০ টা পৰিয়ালত দিয়া হৈছে বিদ্যুৎ সংযোগ। কিন্তু সম্পূৰ্ণ বিপদজনক অৱস্থাত প্ৰদান কৰা হৈছে এই বিদ্যুৎ ৷ বিদ্যুতৰ খুটাৰ বিপৰীতে ৪০০/৫০০ মিটাৰ দীঘলীয়া তাঁৰ বাহৰ খুটা পুটি পৰিয়ালসমূহক বিদ্যুৎ সংযোগ দিছে দালাহ সহ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীয়ে। ইমানেই নহয়, চৰকাৰে বিনামূলীয়া বুলি কলেও এই বিদ্যুৎ সংযোগ বিনামূলীয়া কৈ লাভ কৰা নাই কোনো এটা দৰিদ্ৰ পৰিয়ালে ৷ ৪০ বছৰৰ অন্তত গাঁৱৰ ৰাইজৰ আশা চৰকাৰৰ সৌভাগ্য আচনিৰ জৰিয়তে পোৱা বিদ্যুতৰ পোহৰে পোহৰাব তেঁওলোকৰ ঘৰখন। কিন্তু দালালৰ কবলত পৰি এতিয়া বিপদসংকূলভাৱে দিন পাৰ কৰিছে লখিমপুৰ জিলাৰ চাউলধোৱাবাসীয়ে ৷

Intro:গাৱৰ দৰিদ্ৰ পৰিয়াল সমুহক বিদ্যুতৰ পোহৰ দিবলৈ ভাৰত চৰকাৰৰ আচনীৰ নাম আছিল সৌভাগ্য কিন্ত বিদ্যুৎ সংযোগ লবলৈ গৈ দুৰ্ভাগ্য নামিল লখিমপুৰ ৰ চাউলধোৱাৰ একাংশ পৰিয়ালৰ। দালালে সংগ্ৰহ কৰিলে ৫ হাজাৰৰ পৰা ১৪ হাজাৰ পৰ্যন্ত।

Body:এইয়া লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ অধিনৰ বগীনদী বিদ্যুৎ সেৱা কেন্দ্ৰৰ দিয়া সৌভাগ্য আচনীৰ বিদ্যুৎ সংযোগ। বিপদজনক অৱস্থাত প্ৰায় ৩০ টা পৰিয়ালত দিয়া হৈছে এনেদৰে বিদ্যুৎ সংযোগ। চৰকাৰে বিনামূলীয়া বুলি কলেও এই বিদ্যুৎ সংযোগ বিনামূলীয়া কৈ পোৱা নাই এই সমুহ দৰিদ্ৰ পৰিয়ালৈ। বিদ্যুৎ সংযঝগ দিয়াৰ নামত বিদ্যুৎ বিভাগৰে দালালে ৫ ৰ পৰা ১৪ হাজাৰ।টকা লোৱাৰ অভিযোগ ভুক্তভোগীৰ।
বাইট: বৃদ্ধ
৪০ বছৰৰ পিচত এওলোকে আশা কৰিছিল চৰকাৰৰ সৌভাগ্য আচনীৰ বিদ্যুতৰ পোহৰে পোহৰাব এওলোকৰ ঘৰখন। কিন্তূ দালালৰ হেছাত টকা ধাৰলৈ আনি দিয়াৰ পিছত পাইছে বিদ্যুৎ সংযোগ।
বাইট:যুৱক।
চৰকাৰী আচনী মতে সকলো বিনামূলীয়া আছিল যদিও কাটৰী চাপৰি,ভৰতপুৰ আদি গাৱৰ ৰাইজে হাজাৰ হাজাৰ টকা খৰচ কৰিছে লাভ কৰিছে বিদ্যুৎ সংযোগ। বিদ্যুটৰ খুটাৰ বিপৰীতে ৪০০/৫০০ মিটাৰ পৰ্যন্ত বাহৰ খুটা পুটি বিদ্যুৎ সংযোগ দিছে দালাহ সহ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰী য়ে। যি কোনো সময়ত বিপদৰ আশংকা কৰিছে পৰিয়াল সমুহে।
বাইট:

Conclusion:বিদ্যুট মন্ত্ৰী তপন গগৈ দাঙৰীয়া ভাৰত চৰকাৰৰ অভিলাশী সৌভাগ্য আচনী ৰাজ্য ত কেনেদৰে ৰুপায়ন হৈছে এবাৰ খবৰ ৰাখক। নহলে এনে দুৰ্নীতি ৰে দিয়া বিদ্যুৎ সংযোগে ঘটাব অঘটন।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.