ETV Bharat / state

Eid al Fitr: লখিমপুৰত অভূতপূৰ্ব পৰিবেশত সম্পন্ন ঈদৰ সমূহীয়া নামাজ

author img

By

Published : Apr 22, 2023, 1:49 PM IST

লখিমপুৰত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পুৱা ঈদৰ সমূহীয়া নামাজ সম্পন্ন হয় ৷ জিলাখনৰ বিভিন্ন মছজিদৰ লগতে অভূতপূৰ্ব পৰিবেশ সৃষ্টি হয় নগৰৰ টাউন কেন্দ্ৰীয় ঈদগাহ ময়দানত ৷ টাউন বৰ মছজিদৰ এলেকাত থকা আঠটা জামাতৰ ৰাইজৰ লগতে বিভিন্ন স্থানৰ পৰাও এই ঈদগাহ ময়দানত নামাজ আদায় কৰিবলৈ বহু লোকৰ সোঁত বয় ৷ ফলত টাউন কেন্দ্ৰীয় ঈদগাহ ময়দানত এইবাৰ অভূতপূৰ্ব পৰিবেশৰ সৃষ্টি হয় (Eid al Fitr Celebration) ৷

Eid al Fitr Celebration in Lakhimpur
লখিমপুৰত সম্পন্ন ঈদৰ সমূহীয়া নামাজ
লখিমপুৰত অভূতপূৰ্ব পৰিবেশত সম্পন্ন ঈদৰ সমূহীয়া নামাজ

লখিমপুৰ, 22 এপ্ৰিল: আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ ৷ সমগ্ৰ বিশ্ব, ভাৰতবৰ্ষ তথা অসমতো আনন্দ-উলাহেৰে পালন কৰা হৈছে পবিত্ৰ ঈদ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে লখিমপুৰতো ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পুৱা ঈদৰ সমূহীয়া নামাজ আদায় কৰা হয় (Eid al Fitr Celebration in Assam) ৷

এক অভূতপূৰ্ব পৰিবেশত লখিমপুৰত সম্পন্ন হ'ল ঈদৰ সমূহীয়া নামাজ ৷ বিশ্ব শান্তি, সম্প্ৰীতিৰ বাবে দোৱা কৰে নামাজত অংশগ্ৰহণকাৰীসকলে ৷ মাহজোৰা ৰোজাৰ অন্তত শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ উদযাপন কৰা হয় ৷ সকলোৱে আল্লাহৰ সন্তুষ্টি, বিশ্ব শান্তি, সম্প্ৰীতিৰ হকে নামাজ, দোৱা কৰে (Eid al Fitr Celebration) ৷

এক সুন্দৰ ফৰকাল ৰৌদ্ৰোজ্বল পুৱাত সকলোৱে হিলদল ভাঙি ঈদৰ সমূহীয়া নামাজ কৰিবলৈ ওলাই অহা পৰিলক্ষিত হ'ল ৷ জিলাখনৰ বিভিন্ন মছজিদৰ লগতে অভূতপূৰ্ব পৰিবেশ সৃষ্টি হয় নগৰৰ টাউন কেন্দ্ৰীয় ঈদগাহ ময়দানত ৷ টাউন বৰ মছজিদৰ এলেকাত থকা আঠটা জামাতৰ ৰাইজৰ লগতে বিভিন্ন স্থানৰ পৰাও এই ঈদগাহ ময়দানত নামাজ আদায় কৰিবলৈ বহু লোকৰ সোঁত বয় ৷ ফলত টাউন কেন্দ্ৰীয় ঈদগাহ ময়দানত এইবাৰ অভূতপূৰ্ব পৰিবেশৰ সৃষ্টি হয় (Eid al Fitr Celebration in Lakhimpur) ৷

বিশাল ময়দানখন লোকাৰণ্য হৈ পৰাৰ বাবে ময়দানৰ সন্মুখৰ পথৰ ওপৰতে শ শ লোকে বহি নামাজ আদায় কৰিবলগীয়া হয় ৷ পাঁচ হেজাৰোধিক লোকে সমূহীয়া নামাজ আদায় কৰা পৰিৱেশটো অতি নান্দনিক হৈ পৰিছিল এই ঈদগাহ ময়দানত ৷ হেজাৰ হেজাৰ লোক সমবেত হোৱাৰ পিচত পুৱা 8.30 বজাত ইমামতি কৰে লখিমপুৰ টাউন চি, ডি, ৰোড জামে মছজিদৰ পেচ ইমাম মৌলানা আহমদ হুছেইনে ৷ ঈদৰ সমূহীয়া নামাজৰ পাচত আল্লাহৰ সন্তষ্টি, বিশ্ব শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ ৰ বাবে সমূহীয়া দোৱাও কৰা হয় ৷

লগতে পঢ়ক: Eid al Fitr: মৰাণৰ ঈদগাহ ময়দানত চাৰি বছৰৰ মূৰত সমূহীয়া নামাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.