লখিমপুৰ, 10 ছেপ্টেম্বৰঃ মঙলবাৰে লখিমপুৰ নগৰৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ পৰিষদে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে ৷ 2016 চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পাচতেই লখিমপুৰত জ্বলিছে ক্ষোভৰ জুই ৷
সোমবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত নেডাৰ চতুৰ্থ সমাৰোহত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত সেউজ সংকেত দিছিল৷ ইয়াৰ পাচতেই অসম জাতীয়তাবাদী যুৱ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ লগতে সংগঠনটোৱে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ'বলৈ দিয়া নহ'ব বুলি প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ দিয়ে৷