ETV Bharat / state

বিহপুৰীয়াত প্ৰতিবাদত নামিল ই ৰিক্সা চালক সন্থা

author img

By

Published : Aug 26, 2022, 8:19 PM IST

‘‘হয় চৰকাৰে আমাৰ দাবী মানি লওক, নহ’লে আমাক গুলীয়াই মাৰক’’ ৷ ই-ৰিক্সাৰ বেটাৰী চাৰ্জ দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে পুৰ্বতে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি এইবাৰ বিহপুৰীয়াত প্ৰতিবাদত বহিল ই-ৰিক্সা চালকসকল (E rickshaw drivers association protest at Bihpuria) ৷

E rickshaw drivers association protest at Bihpuria
বিহপুৰীয়াত প্ৰতিবাদত নামিল ই ৰিক্সা চালক সন্থা

বিহপুৰীয়া, 26 আগষ্ট : ইতিমধ্যে অসম চৰকাৰে প্ৰত্যাহাৰ কৰিছে ই-ৰিক্সা চালকে বেটাৰী চাৰ্জ দিয়াৰ ক্ষেত্ৰত প্ৰদান কৰা দাবী ৷ তৎস্বতেও ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বৰ্তমানো অব্যাহত আছে প্ৰতিবাদ ৷ এইবাৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিহপুৰীয়াৰ ই-ৰিক্সা চালকসকল (E rickshaw drivers association protest at Bihpuria) ৷

উল্লেখ্য যে, মূল্যবৃদ্ধিয়ে ৰাজ্যৰ খাটিখোৱা শ্ৰেণীটোক সৰ্বশ্ৰান্ত কৰাৰ সময়তে শেহতীয়াকৈ বিদ্যুৎ বিভাগে ই-ৰিক্সা চালকৰ বেটাৰী চাৰ্জৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তত বিমোৰত পৰিছে ৰাজ্যৰ ই-ৰিক্সা চালকসকল । যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বিহপুৰীয়াত ই-ৰিক্সা চালক সন্থাই 6 ঘন্টীয়া অৱস্থান ধমঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

চৰকাৰে ই-ৰিক্সা চালকসকলক অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL) ৰ হঠকাৰী সিদ্ধান্তক মানি লৈ ই-ৰিক্সা চালকৰ ওপৰত মাধমাৰ সোধোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ চৰকাৰৰ এই কাৰ্যক বিৰোধিতা কৰাৰ লগতে চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণাও প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

ইয়াৰোপৰি বিহপুৰীয়া নগৰত ই-ৰিক্সাসমূহ পাৰ্কিং কৰিবলৈ কোনো ব্যৱস্থা নথকাৰ পিছতো নগৰখনত চলাচল কৰা প্ৰায় পাঁচ শতাধিক ই-ৰিক্সাৰ পৰা বিহপুৰীয়া পৌৰসভাই দৈনিক 10 টকাকৈ পাৰ্কিং টেক্স সংগ্ৰহ কৰে ৷ এই কাৰ্যকো বিৰোধিতা কৰি শীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ বাবে দাবী জনাই প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.