ETV Bharat / state

Bijaya Dashami in Lakhimpur : লখিমপুৰতো পূজাস্থলী নিজম পৰি প্ৰতিমা বিসৰ্জনস্থলী হ’ল উৎসৱমুখৰ - lakhimpur bijaya dasami

মৰ্ত্যৰ পৰা বিদায় ললে মা দুৰ্গাই ৷ উখল-মাখল পৰিবেশৰ মাজত হোৱা পূজাৰ অন্তত বিজয়া দশমীৰ দিনা প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয় । ফলত পূজা মণ্ডপসমূহ নিজম হৈ পৰিলেও প্ৰতিমা বিসৰ্জনৰ ঘাটসমূহত সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ ।

Bijaya Dashami in Lakhimpur
লখিমপুৰতো পূজাস্থলী নিজম পৰি প্ৰতিমা বিসৰ্জনস্থলী হ’ল উৎসৱমুখৰ
author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 4:36 PM IST

লখিমপুৰতো পূজাস্থলী নিজম পৰি প্ৰতিমা বিসৰ্জনস্থলী হ’ল উৎসৱমুখৰ

লখিমপুৰ, 24 অক্টোবৰ : ধৰ্মীয় বিশ্বাস অনুসৰি মঙলবাৰে মৰ্ত্যৰ পৰা বিদায় ল’লে মা দুৰ্গাই । যোৱা কেইদিন উখল-মাখল পৰিৱেশৰ মাজত হোৱা পূজাৰ অন্তত মঙলবাবে বিজয়া দশমীৰ দিনা পূজাৰ অন্ত পেলাই প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয় । ফলত পূজা মণ্ডপসমূহ নিজম হৈ পৰিলেও প্ৰতিমা বিসৰ্জন ঘাটসমূহত সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ ।

বিজয়া দশমীয়ে ওৰ পেলালে শাৰদীয় দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ । আকাশ-বতাহ কঁপাই পুৰোহিতৰ মন্ত্ৰোচাৰণে ৰজনজনাই থকা পূজা মণ্ডপসমূহৰ পৰা বিসৰ্জনৰ বাবে প্ৰতিমাসমূহ উলিয়াই নিয়াৰ পাচতে নিজম হৈ পৰে পূজা মণ্ডপ । বিপৰীতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় প্ৰতিমা বিসৰ্জন ঘাটত । সকলোৱে ৰং-আনন্দৰে সমদল কৰি নদীৰ বুকুত প্ৰতিমা বিসৰ্জন দি দেৱী দুৰ্গালৈ প্ৰণাম যাঁচে ।

উল্লেখ্য, লখিমপুৰত ৰঙানদী, ডিক্ৰং, সোৱনশিৰি আদি নৈত প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয় । জিলাখনত এইবাৰ স্থায়ী দেৱালয়ৰ উপৰি অস্থায়ী মণ্ডপসহ ১৯৮ খন পূজা উদযাপন কৰা হৈছিল । ইয়াৰে নগৰ এলেকা আৰু উপকন্ঠত দুখন স্থায়ী দেৱালয়ৰ বাহিৰে ৩৩ খন আছিল অস্থায়ী মণ্ডপৰ পূজা অনুষ্ঠিত হয় । নগৰ আৰু উপকন্ঠ এলেকাৰ পূজা মণ্ডপৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয় ৰঙানদীত ।

নগৰৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ কাষত ৰঙানৈত ব্যাপক ৰং-আনন্দৰে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয় । প্ৰতিমা বিসৰ্জনৰ বাবে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে । শৃংখলাবদ্ধভাৱে সমদল কৰি আহি ৰাইজে প্ৰতিমাসমূহ বিসৰ্জন দিয়ে । প্ৰতিমা বিসৰ্জনস্থলীত জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰও উপস্থিত থাকে ।

লগতে পঢ়ক: Puja at Police Reserve Guwahati : মঞ্চত দুই কণমানিক উৎসাহিত কৰিলে সপত্নীক আৰক্ষী সঞ্চালক প্ৰধানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.