ETV Bharat / state

মাতমৰাৰ কৱচুক পথাৰত ব্যস্ত চহা ৰাইজ

author img

By

Published : Jul 27, 2019, 11:39 AM IST

প্ৰলয়ংকাৰী বানে সমগ্ৰ ৰাজ্যক চুই যোৱাৰ পাছতো মাতমৰাৰ পথাৰত চহা ৰাইজ পৰম্পৰাগতভাৱে হৈ পৰিছে ব্যস্ত

মাতমৰাৰ কৱচুক পথাৰত ব্যস্ত চহা ৰাইজ

ঢকুৱাখানা, 27 জুলাইঃ অসমৰ বিভিন্ন প্ৰান্তত কৃষিজীৱি ৰাইজৰ মাজত এতিয়া ভূঁই ৰোৱাৰ ব্যস্ততা ৷ কিয়নো এতিয়া শাওণ মাহ ৷ ঢকুৱাখনা মাতমৰা পঞ্চায়তৰ কৱচুক পথাৰতো হালোৱা আৰু ৰোৱনীসকলক ব্যস্ত হৈ পৰা দেখা গৈছে ৷ অসমীয়া চহা জীৱনৰ পৰম্পৰা মানি পথাৰৰ ব্যস্ততাৰ মাজতো পকা কঁঠালৰ জুতি ল'লে মাতমৰাৰ কৃষকে ৷ কিয়নো কঁঠিয়া ৰোৱাৰ সময়ত বহুগুটিয়া মিঠা ফল খালে শস্য ভাল থাকে বুলি অসমীয়া সমাজত এক বিশ্বাস আছে ৷ উল্লেখযোগ্য যে, প্ৰলয়ংকাৰী বানে সমগ্ৰ ৰাজ্যক চুই যোৱাৰ পাছতো মাতমৰাৰ পথাৰত চহা ৰাইজৰ এনে ব্যস্ততাই ধৰি ৰাখিছে অসমীয়া গ্ৰাম্য সমাজৰ ঐতিহ্য - পৰম্পৰা ৷

Intro:এতিয়া শাওণৰ বতৰ। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া ভূঁই ৰোৱাৰ ব্যস্ততা ।ঢকুৱাখনা মাতমৰা পঞ্চায়তৰ কৱচুক পথাৰতো ব্যস্ত হৈ পৰিছে হালোৱা আৰু ৰোৱনীসকল।সকলোৱে ওলাই গৈছে পথাৰলৈ ।কোনোৱে কান্ধত কঠিয়া এভাৰ লৈ, কোনোৱে নাঙল-যুঁৱলি আৰু গৰুহাল লৈ। কাৰণ এই বৰ্ষণমুখৰ শাওণৰ বতৰতে শালি খেতি দৰা ভালকৈ ৰুই নললে আঘোণত কেনেকৈ গোটাব সোণগুটি ।সেয়েহে আজিৰ দিনটোত সকলোটি ওলাই আহিল পথাৰলৈ ।কি জীয়ৰী,কি বোৱাৰী সকলো । ইপিনে পথাৰত খাবলৈ বুলি ঘৰৰ গৃহস্থই বাৰীৰ পকা কঠাল এটাও আনিলে । কঠিয়া ৰুই পথাৰতে বহি পকা কঠালৰ সোৱাদ লোৱাৰ মজাই বেলেগ ।
পৰম্পৰা অনুসৰি পথাৰত কঠিয়া ৰোৱাৰ সময়ত বহুগুটিয়া মিঠা ফল খালে শস্য ভাল হয়। সেই বিশ্বাসেৰে আজি নামি পৰিল ঢকুৱাখনা মাতমৰাৰ কৱচুক পথাৰত এইসকল ৰোৱনী ।ঐনিতম গাই, খিল খিল হাঁহি সকলো ব্যস্ত এতিয়া পথাৰ সেউজীয়া কৰাত। ৰোৱা শেষ হলেই তেওঁলোকে মাচে-মঙহে এসাঁজ খোৱাৰ লগতে এবাতি আপঙৰো জুতি লব। এইয়াই অসমীয়া গ্ৰাম্য সমাজৰ ঐতিহ্য -পৰম্পৰা ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:এতিয়া শাওণৰ বতৰ। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া ভূঁই ৰোৱাৰ ব্যস্ততা ।ঢকুৱাখনা মাতমৰা পঞ্চায়তৰ কৱচুক পথাৰতো ব্যস্ত হৈ পৰিছে হালোৱা আৰু ৰোৱনীসকল।সকলোৱে ওলাই গৈছে পথাৰলৈ ।কোনোৱে কান্ধত কঠিয়া এভাৰ লৈ, কোনোৱে নাঙল-যুঁৱলি আৰু গৰুহাল লৈ। কাৰণ এই বৰ্ষণমুখৰ শাওণৰ বতৰতে শালি খেতি দৰা ভালকৈ ৰুই নললে আঘোণত কেনেকৈ গোটাব সোণগুটি ।সেয়েহে আজিৰ দিনটোত সকলোটি ওলাই আহিল পথাৰলৈ ।কি জীয়ৰী,কি বোৱাৰী সকলো । ইপিনে পথাৰত খাবলৈ বুলি ঘৰৰ গৃহস্থই বাৰীৰ পকা কঠাল এটাও আনিলে । কঠিয়া ৰুই পথাৰতে বহি পকা কঠালৰ সোৱাদ লোৱাৰ মজাই বেলেগ ।
পৰম্পৰা অনুসৰি পথাৰত কঠিয়া ৰোৱাৰ সময়ত বহুগুটিয়া মিঠা ফল খালে শস্য ভাল হয়। সেই বিশ্বাসেৰে আজি নামি পৰিল ঢকুৱাখনা মাতমৰাৰ কৱচুক পথাৰত এইসকল ৰোৱনী ।ঐনিতম গাই, খিল খিল হাঁহি সকলো ব্যস্ত এতিয়া পথাৰ সেউজীয়া কৰাত। ৰোৱা শেষ হলেই তেওঁলোকে মাচে-মঙহে এসাঁজ খোৱাৰ লগতে এবাতি আপঙৰো জুতি লব। এইয়াই অসমীয়া গ্ৰাম্য সমাজৰ ঐতিহ্য -পৰম্পৰা ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:এতিয়া শাওণৰ বতৰ। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া ভূঁই ৰোৱাৰ ব্যস্ততা ।ঢকুৱাখনা মাতমৰা পঞ্চায়তৰ কৱচুক পথাৰতো ব্যস্ত হৈ পৰিছে হালোৱা আৰু ৰোৱনীসকল।সকলোৱে ওলাই গৈছে পথাৰলৈ ।কোনোৱে কান্ধত কঠিয়া এভাৰ লৈ, কোনোৱে নাঙল-যুঁৱলি আৰু গৰুহাল লৈ। কাৰণ এই বৰ্ষণমুখৰ শাওণৰ বতৰতে শালি খেতি দৰা ভালকৈ ৰুই নললে আঘোণত কেনেকৈ গোটাব সোণগুটি ।সেয়েহে আজিৰ দিনটোত সকলোটি ওলাই আহিল পথাৰলৈ ।কি জীয়ৰী,কি বোৱাৰী সকলো । ইপিনে পথাৰত খাবলৈ বুলি ঘৰৰ গৃহস্থই বাৰীৰ পকা কঠাল এটাও আনিলে । কঠিয়া ৰুই পথাৰতে বহি পকা কঠালৰ সোৱাদ লোৱাৰ মজাই বেলেগ ।
পৰম্পৰা অনুসৰি পথাৰত কঠিয়া ৰোৱাৰ সময়ত বহুগুটিয়া মিঠা ফল খালে শস্য ভাল হয়। সেই বিশ্বাসেৰে আজি নামি পৰিল ঢকুৱাখনা মাতমৰাৰ কৱচুক পথাৰত এইসকল ৰোৱনী ।ঐনিতম গাই, খিল খিল হাঁহি সকলো ব্যস্ত এতিয়া পথাৰ সেউজীয়া কৰাত। ৰোৱা শেষ হলেই তেওঁলোকে মাচে-মঙহে এসাঁজ খোৱাৰ লগতে এবাতি আপঙৰো জুতি লব। এইয়াই অসমীয়া গ্ৰাম্য সমাজৰ ঐতিহ্য -পৰম্পৰা ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.