ETV Bharat / state

ভাওনাৰ আঁৰ কাপোৰৰ ঢকুৱাখনাৰ এগৰাকী শিল্পী - ভোগেশ্বৰ ভৰালী

৪৭ বছৰে ভাওনাৰ লগত ওত:প্ৰোতভাৱে জড়িত এগৰাকী শিল্পী কিন্তু তেওঁ ভাৱৰীয়া বা সূত্ৰধাৰ নহয়, নহয় তেওঁ গায়ন-বায়নো।

ঢকুৱাখনাৰ ভাওনাৰ লগত ওত: প্ৰোতভাৱে জড়িত এজন শিল্পী
author img

By

Published : May 21, 2019, 5:34 PM IST

Updated : May 22, 2019, 12:15 PM IST

ঢকুৱাখনা,২১ মে' : মহাপুৰুষজনাৰ অসম সৃষ্টি ভাওনা ৷ অসমীয়া সংস্কৃতিৰ গৌৰৱৰ প্ৰতীক এই ভাওনাকে জীয়াই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে এগৰাকী শিল্পীয়ে ৷ ১৯৭১ চনৰ পৰাই ভাওনাৰ বাবে প্ৰয়োজনীয় সাজ-পাৰ প্ৰস্তুত কৰি ভাড়ালৈ যোগান ধৰি আহিছে ঢকুৱাখনাৰ উজনি জালভাৰীৰ ভোগেশ্বৰ ভৰালীয়ে নামৰ এইজন লোকে ৷ "ভৰালী পোছাক ভাণ্ডাৰ" নামেৰে ১৯৭১ চনতে ব্যৱসায় আৰম্ভ কৰি চাৰিটা দশকজুৰি সেই একেটা ব্যৱসায়ত জড়িত হৈ ভাওনা সংস্কৃতিৰ প্ৰতি অৱদান আগবঢ়াই আহিছে ৷

ভাওনাৰ আঁৰ কাপোৰৰ ঢকুৱাখনাৰ এগৰাকী শিল্পী

ভাওনাৰ সাজ-পাৰ নিৰ্মাণৰ উপৰিও ভাওনাৰ চৰিত্ৰসমূহৰ ৰূপ সজ্জাৰো কাম কৰা এই শিল্পীগৰাকীয়ে বছৰৰ সকলো সময়তে সমানে উপাৰ্জন কৰিব নোৱাৰে যদিও মাঘ-ফাগুন মাহত আৰু ৰাস আৰু ভাওনাৰ সময়তহে উপাৰ্জন ভাল হয় বুলি জনায় ৷ কিন্তু শিল্পীগৰাকীয়ে এই ক্ষেত্ৰত কোনোধৰণৰ আক্ষেপ নকৰাকৈ চলাই গৈছে নিজৰ কাম-কাজ । আক্ষেপ মাত্ৰ এটাই যে আগৰ দৰে তেওঁ কাম কৰিব নোৱাৰে । বয়সে হেঙাৰ হৈ থিয় দিছে । কিন্তু তেওঁ হাৰ মনা নাই, বয়সকো প্ৰত্যাহ্বান জনাই প্ৰস্তুত কৰি আহিছে ভাওনাৰ সাজ-পাৰসমূহ ।

Intro:ঢকুৱাখনা:ভাওনাৰ বাবে অতি প্ৰয়োজনীয় উপাদান হৈছে সাজ-পোচাক আৰু আ-অলংকাৰ।ঢকুৱাখনাত আজি ৪৭ টা বছৰে মহাপুৰুষীয়া ভাওনা সংস্কৃতিৰ সাজ-পোচাক আৰু আ-অলংকাৰ প্ৰস্তুত কৰি ভাড়ালৈ দি আহিছে ঢকুৱাখনা উজনি জালভাৰীৰ এগৰাকী শিল্পী ভোগেশ্বৰ ভৰালীয়ে। "ভৰালী পোচাক ভাণ্ডাৰ" নামেৰে ১৯৭১ চনতে ব্যৱসায় আৰম্ভ কৰি আজি চাৰিটা দশকে সেই একেটা কৰ্মতে জড়িত হৈ আছে এই ব্যক্তিজন ।
ভাওনাৰ পোচাক নিৰ্মাণৰ উপৰি চৰিত্ৰসমূহৰ ৰূপ সজ্জা (পেইণ্টাৰ) ৰ কাম কৰা শিল্পী জনে বছৰৰ সকলো সময়তে সমানে উপাৰ্জন কৰিব নোৱাৰিলেও কোনোধৰণৰ চিন্তা নকৰাকৈ চলাই গৈছে নিজৰ কাম। কিন্তু আজিৰ নতুন চামৰ যেন এইবোৰত কোনো আগ্ৰহ নাই ।
সেয়েহে মহাপুৰুষীয়া সংস্কৃতিৰ ধ্বজা বহন কৰা ঢকুৱাখনাৰ একমাত্ৰ ব্যক্তিজনৰ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান-- "তেওঁলোক ওলাই আহক আৰু অসমীয়া সংস্কৃতিৰ ভঁৰাল সেই পুৰণি সম্ভাৰেৰে চহকী কৰি ৰাখক আৰু নিজেও জীয়া থাকক।"

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।Body:ঢকুৱাখনা:ভাওনাৰ বাবে অতি প্ৰয়োজনীয় উপাদান হৈছে সাজ-পোচাক আৰু আ-অলংকাৰ।ঢকুৱাখনাত আজি ৪৭ টা বছৰে মহাপুৰুষীয়া ভাওনা সংস্কৃতিৰ সাজ-পোচাক আৰু আ-অলংকাৰ প্ৰস্তুত কৰি ভাড়ালৈ দি আহিছে ঢকুৱাখনা উজনি জালভাৰীৰ এগৰাকী শিল্পী ভোগেশ্বৰ ভৰালীয়ে। "ভৰালী পোচাক ভাণ্ডাৰ" নামেৰে ১৯৭১ চনতে ব্যৱসায় আৰম্ভ কৰি আজি চাৰিটা দশকে সেই একেটা কৰ্মতে জড়িত হৈ আছে এই ব্যক্তিজন ।
ভাওনাৰ পোচাক নিৰ্মাণৰ উপৰি চৰিত্ৰসমূহৰ ৰূপ সজ্জা (পেইণ্টাৰ) ৰ কাম কৰা শিল্পী জনে বছৰৰ সকলো সময়তে সমানে উপাৰ্জন কৰিব নোৱাৰিলেও কোনোধৰণৰ চিন্তা নকৰাকৈ চলাই গৈছে নিজৰ কাম। কিন্তু আজিৰ নতুন চামৰ যেন এইবোৰত কোনো আগ্ৰহ নাই ।
সেয়েহে মহাপুৰুষীয়া সংস্কৃতিৰ ধ্বজা বহন কৰা ঢকুৱাখনাৰ একমাত্ৰ ব্যক্তিজনৰ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান-- "তেওঁলোক ওলাই আহক আৰু অসমীয়া সংস্কৃতিৰ ভঁৰাল সেই পুৰণি সম্ভাৰেৰে চহকী কৰি ৰাখক আৰু নিজেও জীয়া থাকক।"

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।Conclusion:ঢকুৱাখনা:ভাওনাৰ বাবে অতি প্ৰয়োজনীয় উপাদান হৈছে সাজ-পোচাক আৰু আ-অলংকাৰ।ঢকুৱাখনাত আজি ৪৭ টা বছৰে মহাপুৰুষীয়া ভাওনা সংস্কৃতিৰ সাজ-পোচাক আৰু আ-অলংকাৰ প্ৰস্তুত কৰি ভাড়ালৈ দি আহিছে ঢকুৱাখনা উজনি জালভাৰীৰ এগৰাকী শিল্পী ভোগেশ্বৰ ভৰালীয়ে। "ভৰালী পোচাক ভাণ্ডাৰ" নামেৰে ১৯৭১ চনতে ব্যৱসায় আৰম্ভ কৰি আজি চাৰিটা দশকে সেই একেটা কৰ্মতে জড়িত হৈ আছে এই ব্যক্তিজন ।
ভাওনাৰ পোচাক নিৰ্মাণৰ উপৰি চৰিত্ৰসমূহৰ ৰূপ সজ্জা (পেইণ্টাৰ) ৰ কাম কৰা শিল্পী জনে বছৰৰ সকলো সময়তে সমানে উপাৰ্জন কৰিব নোৱাৰিলেও কোনোধৰণৰ চিন্তা নকৰাকৈ চলাই গৈছে নিজৰ কাম। কিন্তু আজিৰ নতুন চামৰ যেন এইবোৰত কোনো আগ্ৰহ নাই ।
সেয়েহে মহাপুৰুষীয়া সংস্কৃতিৰ ধ্বজা বহন কৰা ঢকুৱাখনাৰ একমাত্ৰ ব্যক্তিজনৰ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান-- "তেওঁলোক ওলাই আহক আৰু অসমীয়া সংস্কৃতিৰ ভঁৰাল সেই পুৰণি সম্ভাৰেৰে চহকী কৰি ৰাখক আৰু নিজেও জীয়া থাকক।"

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।
Last Updated : May 22, 2019, 12:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.