ETV Bharat / state

লখিমপুৰৰ দুই স্মৃতি বহনকাৰী কাৰ্যালয় সংৰক্ষণৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 6:52 PM IST

লখিমপুৰ নগৰত মাজমজিয়াত দুটা ব্ৰিটিছৰ দিনতে নিৰ্মিত ঐতিহাসিক কাৰ্যালয় । কাৰ্যালয় দুটাত বিজড়িত হৈ আছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ আৰু ঘিনাৰাম গোহাঞিবৰুৱাৰ স্মৃতি । সম্প্ৰতি দুয়োটা কাৰ্যালয় সংৰক্ষণ কৰি যুগমীয়া কৰাৰ বাবে চৰকাৰক দাবী জনাইছে লখিমপুৰীয়া ৰাইজে ।

memorable houses in Lakhimpur
লখিমপুৰৰ দুই স্মৃতি বহনকাৰী কাৰ্যালয় সংৰক্ষণৰ দাবী

লখিমপুৰৰ দুই স্মৃতি বহনকাৰী কাৰ্যালয় সংৰক্ষণৰ দাবী

লখিমপুৰ, 12 ডিচেম্বৰ : লখিমপুৰত আছে ব্ৰিটিছৰ দিনতে নিৰ্মিত দুটা ঐতিহাসিক কাৰ্যালয় । কাৰ্যালয় দুটাৰ লগত বিজড়িত হৈ আছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ আৰু ঘিনাৰাম গোহাঞিবৰুৱাৰ স্মৃতি ৷ কাৰ্যালয় দুটা সংৰক্ষণৰ বাবে লখিমপুৰবাসীয়ে আহ্বান জনাইছে চৰকাৰক ৷

লখিমপুৰ নগৰৰ মাজ মজিয়াত আছে ব্ৰিটিছৰ দিনতে নিৰ্মিত ঐতিহাসিক কাৰ্যালয় দুটা ৷ উল্লেখ্য যে, সম্প্ৰতি লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় হিচাবে ব্যৱহাৰ হৈ থকা কাৰ্যালয়টো ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা ৷ আজিও অক্ষত অৱস্থাত ব্যৱহাৰ হৈ আছে কাৰ্যালয়টো ৷ কাৰ্যালয়টো ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা বুলিয়েই যে প্ৰখ্যাত, তেনে নহয় ৷ কাৰ্যালয়টোত বিজড়িত হৈ আছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ স্মৃতি ৷ উক্ত কাৰ্যালয়টোতে ১৮৯১ চনত তেতিয়াৰ এছডিচি অৰ্থাৎ উপ পতি সমাহৰ্তা হিচাবে যোগদান কৰিছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে ।

উপন্যাস সম্ৰাটগৰাকীয়ে প্ৰায় দুটা বছৰ উপ পতি সমাহৰ্তা হিচাবে উক্ত কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰিছিল । সেই সময়খিনিৰ ভিতৰতে তেওঁ লখিমপুৰৰ ঘূনাসূঁতিক পটভূমি হিচাবে লৈ লিখি উলিয়াইছিল এক অমৰ প্ৰেম গাথাৰ অনুপম সৃষ্টি মিৰি জীয়ৰী । কালজয়ী উপন্যাসখনৰ জৰিয়তে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে ঘূনাসূঁতিক বৰ্হিবিশ্বৰে চিনাকি কৰি দিয়াৰ লগতে সহজ সৰল মিচিং সমাজখনৰ কৃষ্টি-সংস্কৃতি, সমাজ ব্যৱস্থাক নিটোল ৰূপত তুলি ধৰিছিল ।

তেওঁ কাৰ্যনিৰ্বাহ কৰা সেই কাৰ্যালয়টো আজিও লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় হিচাবে ব্যৱহৃত হৈ আছে যদিও বিশেষভাৱে কাৰ্যালয়টো সংৰক্ষণ কৰাৰ বাবে ৰাইজে চৰকাৰক আহ্বান জনাইছে ।

আনহাতে নগৰ এলেকাতে ঘিনাৰাম গোহাঞিবৰুৱাৰ স্মৃতি বিজড়িত আন এটা স্বাস্থ্য কেন্দ্ৰ সম্প্ৰতি জৰাজীৰ্ণ ৰূপত আছে । ব্ৰিটিছৰ আমোলত বাহাদুৰ ডাৰোগাৰূপে খ্যাতি অর্জন কৰা ঘিনাৰাম গোহাঞিবৰুৱা পৰৱৰ্তী সময়ত লখিমপুৰৰ তিনিটা মৌজাৰ মৌজাদাৰ হয় ।

অনুলেখ্যনীয় যে, অৰণ্যৰে পৰিৱেষ্টিত সেই সময়ত যান-বাহনৰ চলাচল হোৱাই নাছিল । নাছিল কোনো চিকিৎসাৰ ব্যৱস্থা । বৰ্তমানৰ শোণিতপুৰ জিলাৰ একাংশৰ পৰা লখিমপুৰক সামৰি ধেমাজি জিলাৰ জোনাই পৰ্যন্ত কোনো আধুনিক চিকিৎসা ব্যৱস্থা নাছিল ।

সেই কথা উপলদ্ধি কৰি ঘিনাৰাম গোহাঞিবৰুৱাই নিজা মাটিত, নিজা ধন ব্যয় কৰি গৃহ নিৰ্মাণ কৰি ১৮৮০ চনৰ আগতে এখন ঔষধৰ দোকান খুলিছিল । পৰৱৰ্তী সময়ত সেই ঔষধৰ দোকানখনৰ আলম লৈ চিকিৎসা ব্যৱস্থা উন্নত হয় আৰু বৰ্তমান চিকিৎসা মহাবিদ্যালয় পৰ্যন্ত গঢ় লৈ উঠিছে ।

জিলাখনত চিকিৎসা ব্যৱস্থাই ন-ৰূপ পালেও ব্ৰিটিছৰ দিনতে ঘিনাৰাম গোহাঞিবৰুৱাই নিৰ্মাণ কৰা সেই ঘৰটো এতিয়াও এক নগৰীয়া স্বাস্থ্য কেন্দ্ৰ হিচাবে সচল হৈ আছে ৷ কিন্তু ক্ৰমাৎ ঘৰটো জহি-খহি যোৱাৰ উপক্ৰম হৈছে । সেয়ে ঘিনাৰাম গোহাঞিবৰুৱাৰ পৰিনাতি মোহিনী মোহন গোহাঞিবৰুৱাই উক্ত ঐতিহাসিক ঘৰটো সংৰক্ষণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে ।

মোহিনী মোহন গোহাঞিবৰুৱাই ইতিমধ্যে সেই সন্দৰ্ভত বিভিন্ন সময়ত চৰকাৰক আহ্বান জনাই আহিছে যদিও চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই । ঘিনাৰাম গোহাঞিবৰুৱাৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে তেওঁৰ বদান্যতাৰ স্বাক্ষৰবহনকাৰী ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা ঘৰটো সংৰক্ষণ কৰাৰ লগতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ স্মৃতি বিজড়িত লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো যথোপযুক্ত মৰ্যাদা দি সংৰক্ষণ কৰাৰ বাবেও তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক : মহানগৰীৰ হাতীগাঁও হাইস্কুলত পঞ্চ শ্বহীদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.