লখিমপুৰ, 4 ছেপ্তেম্বৰ : মাত্ৰ কেইদিনমানৰ ব্যৱধানত লখিমপুৰত পুনৰ সংঘটিত হৈছে দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা ৷ শুকুৰবাৰে নিশা লখিমপুৰৰ নগৰৰ সমীপৰ পানীগাঁৱৰ আমতলাত এটা ডকাইতক গুলীয়াই আঘাতপ্ৰাপ্ত কৰে আৰক্ষীয়ে ৷ দুদিন পূৰ্বে নাওবৈচাত ATM চুৰিৰ ঘটনাৰ সৈতে জড়িত আছিল ডকাইতটো ৷
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় ডকাইতটোক ৷ আৰক্ষীৰ গুলীয়ে ভৰিত আঘাত কৰে দুৰ্ধৰ্ষ ডকাইত ৰাকেশ পেগুৰ ৷ শুকুৰবাৰে নিশা আমতলৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ৰাকেশক ৷
ধৃত ৰাকেশৰ বিৰুদ্ধে অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বিভিন্ন থানাত ৰুজু হৈ আছে গোচৰ ৷ আহত ৰাকেশক উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে লখিমপুৰৰ বগীনদীতো এটা ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছিল ৷ সম্প্ৰতি ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ৷ ইতিমধ্যে ৰাজ্যৰ কেইবাঠাইতো আৰক্ষীৰ এনকাউণ্টাৰত কেইবাজনো দুৰ্ধৰ্ষ ডকাইত নিহত হোৱাৰ লগতে আহত হৈছে বহু কেইজন ৷ আৰক্ষীৰ এই তৎপৰতাই শীঘ্ৰে ৰাজ্যক অপৰাধ মুক্ত অসম হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব বুলি হৈ পৰিছে সকলো আশাবাদী ৷
লগতে পঢ়ক : আকৌ এনকাউন্টাৰ : পুৱতি নিশা এ টি এম চোৰলৈ আৰক্ষীৰ গুলী