ETV Bharat / state

চিপিআই ৰ নেতা তথা অধিবক্তা অৰূপ কলিতাৰ দেহাৱসান

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 1:08 PM IST

CPI leader Arup Kalita passes away: লখিমপুৰৰ চৰাই মৰীয়া নিবাসী, চিপিআইৰ নেতা তথা অধিবক্তা অৰূপ কলিতাৰ বিয়োগ । শুকুৰবাৰে নিশা দেহাৱসান হয় চিপিআই দলৰ ৰাজ্যিক সহ-সম্পাদক তথা অধিবক্তাগৰাকীৰ । উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিগৰাকী চিকিৎসাধীন হৈ আছিল এখন বেচৰকাৰী চিকিৎসালয়ত ।

CPI leader and advocate Arup Kalita passes away in Lakhimpur
চিপিআই ৰ নেতা তথা অধিবক্তা অৰূপ কলিতাৰ দেহাৱসান
চিপিআই ৰ নেতা তথা অধিবক্তা অৰূপ কলিতাৰ দেহাৱসান

লখিমপুৰ ৩০ ডিচেম্বৰ: চিপিআইৰ ৰাজ্যিক সহ সম্পাদক-অধিবক্তা অৰূপ কলিতাৰ বিয়োগ । লখিমপুৰ নগৰৰ সমীপৰ চৰাই মৰীয়া নিবাসী চিপিআই দলৰ ৰাজ্যিক সহ সম্পাদক তথা অধিবক্তা অৰূপ কলিতাৰ শুকুৰবাৰে নিশা দেহাৱসান হয় । উচ্চ ৰক্তচাপত আক্রান্ত হোৱা কলিতাক ডিব্ৰুগড়ৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু নিশা চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ সময়তে তেওঁৰ মৃত্যু হয় ।

২৫ ডিচেম্বৰৰ সন্ধিয়া লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত অসমীয়া যুৱ মঞ্চৰ অধিবেশনৰ এক কাৰ্যসূচীত অংশগ্রহণ কৰাৰ সময়তে তেওঁ উচ্চ ৰক্তচাপত আক্রান্ত হৈ ঢলি পৰে । ততাতৈয়াকৈ তেওঁক লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে । ডিব্ৰুগড়ত তেওঁক বেচৰকাৰী এখন চিকিৎসালয়ত সংজ্ঞাহীন অৱস্থাত ভৰ্তি কৰোৱা হয় আৰু শুকুৰবাৰে ঘৰলৈ অনাৰ সময়তে তেওঁৰ মৃত্যু হয় ।

প্ৰয়াত অৰূপ কলিতাৰ আছিল এক শক্তিশালী সংগ্ৰামী ব্যক্তিত্ব । তেওঁ ১৯৮৫ চনৰপৰা এআইএছএফ নামৰ সৰ্বভাৰতীয় ছাত্র সংগঠনৰ মজিয়াত ভৰি থৈ সংগ্ৰামী জীৱন আৰম্ভ কৰিছিল । তেওঁ সংগঠনটোৰ জিলা সম্পাদকৰ দায়িত্ব বহন কৰিছিল । প্ৰয়াত কলিতাই সদৌ অসম নিবনুৱা সন্থাৰ সৈতেও জড়িত আছিল । লখিমপুৰ নগৰৰ আদৰ্শ বজাৰ স্থাপনত অৰূপ কলিতাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল ।

উত্তৰপৰীয়া ৰে'ল সেৱা সংগ্ৰাম সমিতিতো তেওঁ বিষয়বাবত আছিল । মানৱ অধিকাৰ সংগ্রাম সমিতিৰ কেন্দ্রীয় কাৰ্যকৰী সভাপতি, জিলা সভাপতি হিচাপে দায়িত্ব বহন কৰিছিল । পৰৱৰ্তী সময়ত মানৱ অধিকাৰ সুৰক্ষা সমিতি নামৰ আন এটা সংগঠনৰ জিলা সম্পাদক হিচাপে কাম কৰিছিল । সদৌ অসম নিবনুৱা ঐক্য মঞ্চৰো সভাপতি আছিল । এটা দশকৰ পূৰ্বে চিপিআই দলত যোগদান কৰিছিল কলিতাই । চিপিআই ৰ লখিমপুৰ জিলা শাখাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত বৰ্তমান চিপিআই ৰ ৰাজ্যিক সহ-সম্পাদক ৰূপে দায়িত্ব বহন কৰি আছিল ।

বিভিন্ন দল সংগঠনৰ সৈতে জড়িত থকাৰ সমানে অৰূপ কলিতাই লখিমপুৰৰ আদালতত ওকালতি কৰি আছিল । এজন অতি দক্ষ অধিবক্তাৰূপে পৰিচিত অৰূপ কলিতাই লখিমপুৰ জিলা উকীল সন্থাৰ সম্পাদকৰ দায়িত্ব বহন কৰাৰ পাছত বৰ্তমান উপ-সভাপতিৰ দায়িত্ব পালন কৰিছিল । লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ প্ৰতিদ্বন্দিতা কৰাৰ উপৰিও শেহতীয়া লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।

লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা এবাৰ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে পৰৱৰ্তী দুবাৰ চিপিআই দলৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল । লেখক হিচাপেও সুখ্যাতি অৰ্জন কলিতাই বিভিন্ন কাকত আলোচনীত লেখা মেলা কৰিছিল । ইয়াৰোপৰি ভাৰত জ্যোতি বঁটা, জন সংগ্ৰামী বঁটা লাভ কৰা এইগৰাকী শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী, সংগ্ৰামী নেতাৰ বিয়োগত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক: আলফা-চৰকাৰৰ শান্তি চুক্তিয়ে উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি ঘূৰাই আনিব : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.