বিহপুৰীয়া, ৪জুলাই: গুৱাহাটীৰ পৰা পলায়ন কৰা ক'ভিড-১৯ পজিটিভ আক্ৰান্ত এজন যুৱকক শনিবাৰে কৰায়ত্ব কৰিলে ধলপুৰ আৰক্ষীয়ে ৷ দিগন্ত শইকীয়া নামৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ২নং ৰামপুৰৰ যুৱকজন গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল ৷ গুৱাহাটীৰ পৰা AS-O1-HC 7561 নম্বৰৰ ট্ৰাক এখনত উঠি পলায়ন কৰা ক'ভিড আক্ৰান্ত যুৱকজনক ধলপুৰ আৰক্ষী চকীৰ নিয়মীয়া তালাচীত আৰক্ষীয়ে সোধ পোচৰ অন্তত আটক কৰে ৷ যুৱকজনে আৰক্ষীক দিয়া স্বীকাৰুক্তি মতে যুৱকজনৰ দেহত ক'ভিড-১৯ পজিটিভৰ স্থিতি নিশ্চিত হোৱাৰ পাছতেই সুযোগ বুজি গুৱাহাটৰ পৰা পলায়ন কৰিছে।
প্ৰথমে যুৱকজনক মালিকে ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ দিয়াৰ বিপৰীতে ক'ভিড আক্ৰান্ত হোৱাৰ খবৰ নিশ্চিত হৈহে পলায়ন কৰিছিল বুলি জনালে ধলপুৰ আৰক্ষীয়ে । ইতিমধ্যে ধলপুৰ আৰক্ষীয়ে যুৱকজন উঠি অহা ট্ৰাকখন জব্দ কৰি চেনিটাইজ কৰাৰ লগতে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ কথা সদৰি কৰিলে আৰক্ষীয়ে । ইফালে ধলপুৰৰ আৰক্ষীয়ে বিষয়টো নিশ্চিত কৰিবলৈ যোগাযোগ কৰিছে স্বাস্থ্য বিভাগৰ লগত।
যদিহে সঁচাকৈয়ে ক'ভিড আক্ৰান্ত অৱস্থাত যুৱকজনে গুৱাহাটীৰ পৰা পলায়ন কৰিছে, সেয়া কেনদৰে সম্ভৱ হ'বলৈ পালে নিশ্চয়কৈ সেয়া হব বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন।