ETV Bharat / state

লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মানত দুৰ্নীতিৰ অভিযোগ

মৰিদীৰ্ঘা ৱাৰ্ডৰ ৱাৰ্ড সদস্যাৰ স্বামী কৃষ্ণ দত্তই,এগৰাকী দৰিদ্ৰ হিতাধিকাৰী ভলৰীয়া কুলুৰ গৃহ নিৰ্মাণৰ দায়িত্ব লৈ আজিলৈকে সম্পূৰ্ণ নকৰিলে গৃহ নিৰ্মাণৰ কাম ।

Corruption in PMAYG scheme at Boginadi of Lakhimpur
লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মানত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Sep 15, 2020, 7:06 PM IST

লখিমপুৰ, 15 ছেপ্তেম্বৰ: লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত থৌ-থুৱনি পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ এই দুৰ্নীতিৰ অভিযোগ উঠিছে পঞ্চায়তটোৰ অধীনৰ এগৰাকী ৱাৰ্ড সদস্যাৰ স্বামীৰ বিৰূদ্ধে ৷ মৰিদীৰ্ঘা ৱাৰ্ডৰ ৱাৰ্ড সদস্যাৰ স্বামী কৃষ্ণ দত্তই, এগৰাকী দৰিদ্ৰ হিতাধিকাৰী ভলৰীয়া কুলুৰ গৃহ নিৰ্মাণৰ দায়িত্ব লৈ আজিলৈকে সম্পূৰ্ণ নকৰিলে গৃহ নিৰ্মাণৰ কাম । অৰ্ধনিৰ্মিত অৱস্থাত থকা গৃহটো নিৰ্মাণতো ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে হিতাধিকাৰী গৰাকীয়ে ।

লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মানত দুৰ্নীতিৰ অভিযোগ

উপায়হীন ভুক্তভোগী হিতাধিকাৰীজনে অৰ্ধনিৰ্মিত বাসগৃহটো অতি শীৰ্ঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ জনাইছে পঞ্চায়ত কৰ্তৃপক্ষক ৷ দৰিদ্ৰতা তথা অজ্ঞতাৰ সুযোগ একাংশ হিতাধিকাৰীৰ ধন আত্মসাৎ কৰা এই সকল ব্যক্তিৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰ খনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়কঃ ক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.