নাওবৈচা, ১৩ নৱেম্বৰঃ প্ৰাকৃতিক প্ৰতিকূলতা, কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বাবেই স্বাধীনতা ৭২টা বছৰে পশ্চিম তেলাহীবাসী ৰাইজে ৰঙানদীৰ খাৰকাটিৰ ফটাসুঁতিৰ ওপৰত বিপদ সংকুলভাবে যাতায়ত কৰিবলগীয়া হৈছিল ৷ অঞ্চলটোৰ ৰাইজ তথা দল সংগঠনৰ বহু আবেদনৰ পাছতো কোনো এখন চৰকাৰে দলংখন নিৰ্মাণৰ বাবে গ্ৰহণ কৰা নাছিল ব্যৱস্থা ৷ পশ্চিম তেলাহীবাসীৰ ৰাইজলৈ সুখবৰ কঢ়িয়াই আনি অঞ্চলবাসীৰ বহুদিনীয়া সপোনক বাস্তৱত ৰূপ দি ইতিমধ্যে ৰঙানদীৰ খাৰকাটি ফটাসুঁতি দ্বিতীয় খন পকী দলং নিৰ্মাণ কৰিবলৈ লখিমপুৰ লোকনিৰ্মান বিভাগে আৰম্ভ কৰিছে কাম। এই খবৰ লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে অঞ্চলবাসী । দলংখন নিৰ্মাণৰ ব্যৱস্থা কৰাত অঞ্চলৰ ৰাইজে কৃতজ্ঞতা জনাইছে বিজেপি চৰকাৰক ৷
লোক নিৰ্মান বিভাগে উক্ত দলংখন নিৰ্মানৰ বাবে ইতিমধ্যে ৩০ কোটি টকাৰ অনুমোদন জনাইছে । উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোৰ টিয়কীয়া, খাৰকাটি, আজাৰগুৰি, কঁঠালগুৰি, আহোমণি, শিঙৰা গাঁও, গড়ছিগা, বালিগাঁৱকে ধৰি বহু গাঁৱৰ ৰাইজে ৰঙানদীৰ খাৰকাটি ফটাসুঁতিত বাৰিষাৰ সময়ছোৱাত বিপদ সংকুলভাৱে নাৱেৰে আৰু খৰালিৰ সময়ছোৱাত নিজা গাঁঠিৰ ধনেৰে বাঁহৰ দলং নিৰ্মান কৰি যাতায়ত কৰি আহিছিল । আনহাতে উক্ত ঠাইত পকী দলঙখন নিৰ্মান হ’লে বৃহত্তৰ অঞ্চলটোৰ সৈতে লখিমপুৰ নগৰলৈ পোনপটীয়া যোগাযোগ হ’ব ৷ ইয়াৰ লগতে চিকিৎসা, শিক্ষা, অৰ্থনৈতিক আদিৰ দিশতো সূচনা হ’ব নতুন দিগন্তৰ । শীঘ্ৰে গড়কাপ্তানি মন্ত্রী ড0 হিমন্ত বিশ্ব শৰ্মাই উক্ত দলঙখনৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, পকী দলঙখন নিৰ্মান হ’লেই লখিমপুৰ নগৰৰ সৈতে হ’ব অঞ্চলটোৰ পোনপটীয়া যোগাযোগ ৷ তদুপৰি এই দলঙে অন্ত পেলাব অঞ্চলটোৰ জনতাৰ এক দীৰ্ঘদিনীয়া সমস্যা ৷
লগতে পঢ়ক: গোলাঘাট জিলাৰ কৃষকক বীজ বিতৰণ কৃষি বিভাগৰ