নাওবৈচা, 19 মাৰ্চ: নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাওবৈচা সমষ্টিৰ কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ সমষ্টিটোৰ দুটাকৈ মণ্ডলৰ প্ৰায় 8 শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে অসম গণ পৰিষদ দলত ৷ ইয়াৰ ভিতৰত নাওবৈচা আৰু কৰুণাবাৰী ব্লক কংগ্ৰেছৰ কেইবাজনো শীৰ্ষনেতাও আছে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে নাওবৈচা সমষ্টিৰ লালুক ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হয় অগপ-বিজেপি মিত্ৰজোঁটৰ এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভা ৷ এই সভাতে কংগ্ৰেছৰ ৮০০ আৰু ইউডিএফৰ প্ৰায় ৩০০ কৰ্মীয়ে যোগদান কৰে অগপত ৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ এই গৰাখহনীয়াই বৰুকৈয়ে বিপদত পেলাব ঢকুৱাখনা ফেৰৎ কংগ্ৰেছ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহক ৷
বৃহস্পতিবাৰৰ এই এইবিশাল নিৰ্বাচনী সভাত উপস্থিত থাকে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক নুৰুল হুছেইন, তথ্য আৰু প্ৰচাৰ বিভাগৰ সম্পাদক ড৹ তপন দাস আৰু উপ-সভাপতি বিপুল ডেকাৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় নেতৃত্ব ৷
লগতে পঢ়ক-ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা