ETV Bharat / state

কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰেঃ হিমন্ত বিশ্ব শৰ্মা

তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ ভেটী দুৰ্বল, কংগ্ৰেছে গুৱাহাটীত সংবাদমেল পাতি চলি থাকে আৰু সময় সুবিধা পালেই বৰপেটা, ধুবুৰীৰ চৰত বিশেষ সম্প্ৰদায়ৰ মাজত গৈ বিশ্ৰাম লয় বুলি কংগ্ৰেছক কটাক্ষ মন্ত্ৰী হিমন্তৰ

সাম্প্ৰদায়িক ৰাজনীতি কৰে কংগ্ৰেছে
author img

By

Published : Apr 6, 2019, 6:34 PM IST

লখিমপুৰ, 6 এপ্ৰিলঃ এসময়ত বিজেপিক সাম্প্ৰদায়িক দল বুলি প্ৰায়ে সমালোচনা কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ কংগ্ৰেছক সাম্প্ৰদায়িক দল আখ্যা ৷ জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সকলোকে বিজেপিয়ে আঁকোৱালি লোৱাৰ বিপৰীতে কংগ্ৰেছে এটা বিশেষ সাম্প্ৰদায়িক দলক লৈয়ে ব্যস্ত থাকে বুলি কংগ্ৰেছক সমালোচনা মন্ত্ৰী শৰ্মাৰ ৷ লখিমপুৰ সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ ডুমডুমাত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰেই কংগ্ৰেছ দলক সমালোচনা কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ ভেটী দুৰ্বল, কংগ্ৰেছে গুৱাহাটীত সংবাদমেল পাতি চলি থাকে আৰু সময় সুবিধা পালেই বৰপেটা, ধুবুৰীৰ চৰত বিশেষ সম্প্ৰদায়ৰ মাজত গৈ বিশ্ৰাম লয় বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে ২০১৪ আৰু ২০১৬ তকৈ এইবাৰ নিৰ্বাচনত অধিক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হ'ব বুলিও দৃঢ়তাৰে মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

সাম্প্ৰদায়িক ৰাজনীতি কৰে কংগ্ৰেছে

আনহাতে সভাৰ মঞ্চত স্থান নোপোৱাক লৈ জিলাখনৰ জ্যেষ্ঠ তৃণমূল বিজেপি কৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ মঞ্চত স্থান নাপাই দুগৰাকী পুৰণি বিজেপি কৰ্মী লক্ষীমি নেওগ আৰু থানেশ্বৰ শইকীয়াই সভাৰ আৰম্ভণিতেই ত্যাগ কৰে সভাৰ স্থান ৷ লগতে ন-বিজেপিৰ দপদপনিত দল চলিছে বুলি ক্ষোভ ব্যক্ত কৰে দুই কৰ্মীয়ে ৷

Intro:ডুমডুমাত মন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাBody:Date: 06-04-2019

Story: ডুমডুমাত মন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা

:সভাত জেষ্ঠ বিজেপি কৰ্মীক অৱজ্ঞা

V/O: ১৪ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা শনিবাৰে ডুমডুমাত উপস্থিত হয় । ডুমডুমা ৰাজহুৱা খেলপথাৰৰ নিৰ্বাচনী সভাখনত মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ আৰু ২০১৬ তকৈ অধিক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হব । তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ ভেটী দূৰ্বল, কংগ্ৰেছে গুৱাহাটীত সংবাদ মেল পাতি চলি থাকে আৰু সময় সুবিধা পালে বৰপেটা, ধুবুৰীৰ চৰত বিশেষ সম্পদ্ৰায়ৰ মাজত গৈ বিশ্বাম লয় ।

অন্যহাতে সভাখনৰ মঞ্চত বিজেপিৰ ২৫ বছৰ পুৰণি কৰ্মী তথা বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ কাউঞ্চিল সদস্য লক্ষীমি নেওঁগৰ লগতে ডুমডুমাৰ জেষ্ঠ বিজেপি কৰ্মী থানেশ্বৰ শইকীয়াই মঞ্চত স্থান নাপালে । জেষ্ঠ বিজেপি কৰ্মী দুগৰাকীয়ে সভাৰ আৰম্ভণিতেই সভাস্থান ত্যাগ কৰে । সাংবাদিকৰ আগত ক্ষোভেৰে জেষ্ঠ কৰ্মীয়ে বৰ্তমান বিজেপি দলত ন-বিজেপিৰ দপদপনী চলিছে বুলি ক্ষোভেৰে উল্লেখ কৰে ।

Byte: মন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা
Byte: লক্ষীমি নেওঁগConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.