ETV Bharat / state

Chief Ministers Karmashree Award :লখিমপুৰ জিলা আয়ুক্তলৈ মুখ্যমন্ত্রীৰ কৰ্মশ্ৰী বঁটা - Chief Ministers Karmashree Award

লখিমপুৰ জিলা আয়ুক্ত সুমিত সাত্তাৱানলৈ আগবঢ়োৱা হৈছে মুখ্যমন্ত্রীৰ কৰ্মশ্ৰী বঁটা । শুকুৰবাৰে ৰাজ্যৰ আয়ুক্ত সচিবে এক পত্ৰ যোগে এই কথা সদৰি কৰে ।

Chief Ministers Karmashree Award
মুখ্যমন্ত্রীৰ কৰ্মশ্ৰী বঁটা
author img

By

Published : Aug 4, 2023, 8:39 PM IST

মুখ্যমন্ত্রীৰ কৰ্মশ্ৰী বঁটা

লখিমপুৰ, ৪ আগষ্ট: লখিমপুৰ জিলা আয়ুক্ত লৈ মুখ্যমন্ত্রীৰ কৰ্মশ্ৰী বঁটা । লখিমপুৰৰ জিলা আয়ুক্ত সুমিত সাত্তাৱানলৈ আগবঢ়োৱা হৈছে মুখ্যমন্ত্রীৰ কৰ্মশ্ৰী বঁটা । শুকুৰবাৰে ৰাজ্যৰ আয়ুক্ত সচিবে ডি অ' নং এ আৰ টি-১৪০২৫/১/২০২৩/১৭৯ নম্বৰৰ পত্ৰ যোগে লখিমপুৰ জিলা আয়ুক্ত সুমিত সাত্তাৱানক এই কথা সদৰী কৰিছে। অহা পাঁচ আগষ্টত লোক কল্যাণ দিৱসত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব বুলি এই পত্ৰখনত ৰাজ্যৰ আয়ুক্ত সচিবে উল্লেখ কৰিছে ।

উল্লেখ্য় যে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত লোক কল্যাণ দিৱসৰ অনুষ্ঠানত লখিমপুৰৰ জিলা আয়ুক্ত সুমিত সাত্তাৱানক মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰিব । অতি কৰ্মতৎপৰ তথা দিনে নিশাই জিলাখনৰ সকলো দিশ তদাৰক কৰি থকা আয়ুক্ত সুমিত সাত্তাৱানক এই সন্মান প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে বাচনি কৰাত লখিমপুৰত ৰাইজৰ মাজত উৎসাহ দেখা গৈছে ।

লগতে পঢ়ক:Protest against price hike:মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে মৰাণত কংগ্ৰেছকৰ্মীৰ প্ৰতিবাদ

উল্লেখ্য যে প্ৰায় দুবছৰৰ পূৰ্বে লখিমপুৰত জিলা আয়ুক্ত হিচাপে যোগদান কৰিছিল সুমিত সাত্তাৱানে। অসম অথবা অসমীয়া মাধ্যমৰ প্ৰতি টান থকা আয়ুক্তগৰাকীয়ে নিজৰ সন্তানকো অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ পঠাইছে। তেওঁৰ এনে অসমীয়া প্ৰীতিৰ বাবে সকলোৱে শলাগ লৈছে। লখিমপুৰৰ জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ কৰ্মশ্ৰী সন্মান লাভৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁক বহুজনে শুভেচ্ছাৰে ওপচাই দিয়ে ।

লগতে পঢ়ক:Jorhat first flyover: স্বাধীনতা দিৱসৰ পিছদিনাই উন্মোচন হ’ব যোৰহাটৰ প্ৰথমখন উৰণ সেঁতু

উল্লেখ্য় যে ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ দ্বাৰা লোক প্ৰশাসনত সম্পাদিত অসাধাৰণ আৰু উদ্ভাৱনীমূলক কাৰ্যৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয় । ২০১৭ চনৰ পৰা আৰম্ভ কৰা হৈছে এই মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা ।

লগতে পঢ়ক:Two girls beat up young man: যুৱতীক অনুসৰণ কৰি অশালীন ব্যৱহাৰ যুৱকৰ, ৰাজপথত চেণ্ডেলেৰে প্ৰহাৰ যুৱকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.