ETV Bharat / state

এবছৰৰ ভিতৰত লখিমপুৰৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 21, 2021, 10:46 PM IST

ধেমাজিৰ পাচতে সোমবাৰে বিয়লি লখিমপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উপস্থিত হোৱাৰ পাচতে লখিমপুৰত নিৰ্মাণ হৈ থকা ষ্টেডিয়াম, লখিমপুৰ মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Dr. Himanta Biswa Sharma visited Lakhimpur
লখিমপুৰ মেডিকেলৰ কলেজ পৰিদৰ্শন কৰি অভিযন্তাক জবাবদিহি কৰিলে মুখ্যমন্ত্ৰীয়ে

লখিমপুৰ, 21 জুন : ধেমাজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচতে সোমবাৰে বিয়লি লখিমপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উপস্থিত হোৱাৰ পাচতে লখিমপুৰত নিৰ্মাণ হৈ থকা ষ্টেডিয়াম, লখিমপুৰ মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তদুপৰি লখিমপুৰ জিলা প্ৰশাসন তথা বিভিন্ন বিভাগীয় মুৰব্বী-বিষয়াৰে বান-গৰাখহনীয়া আৰু ক'ভিড পৰিস্থিতি সন্দৰ্ভত এক আলোচনা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নিৰ্মাণ হৈ থকা লখিমপুৰ মেডিকেল কলেজ পৰিদৰ্শন কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণৰ আসোঁৱাহ সমূহৰ বাবে কৰ্মৰত অভিযন্তাক জবাবদিহি কৰে । অহা তিনি চাৰি মাহৰ ভিতৰত লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ উল্লেখ্য, নিৰ্মিয়মান মেডিকেল কলেজ খনৰ প্ৰশাসনিক ভৱনৰ প্ৰৱেশ দ্বাৰত চাৰিটা খুটা নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ৰোষত পৰিবলগীয়া হয় নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা ৷ ইয়াৰ পাচতে লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়লৈ ৰাওনা হয় মু্খ্যমন্ত্ৰী গৰাকী ৷

লখিমপুৰ জিলা উপায়ু্ক্ত কাৰ্যালয়ত প্ৰশাসনীয় বিষয়া সকলৰ সৈতে এক আলোচনা সভাত অংশগ্ৰহণ কৰি সাংবাদিকক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জিলাখনৰ বান-গৰাখহনীয়া সমস্যা সমাধান আৰু বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

সাংবাদিকৰ আগত ড৹ শৰ্মাই কয়, লখিমপুৰ জিলাত বৰ্তমানৰ ক'ভিড পৰিস্থিতি অতি জটিল হৈ আছে ৷ ইয়াৰোপৰি জিলাখনত ব্লেক ফাংগাছত কেইবাজনো লোক আক্ৰান্ত হৈছে ৷ জিলাখনৰ সামগ্ৰীক পৰিস্থিতি অহা বুধবাৰলৈকে পৰ্যবেক্ষণ কৰি থকা হৈছে ৷ প্ৰয়োাজন হ'লে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

"এবছৰৰ ভিতৰত লখিমপুৰ জিলাৰ বান-গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ বছৰৰ প্ৰথমটো বানতে লখিমপুৰ জিলাৰ বহু লোক ক্ষতিগ্ৰস্ত হৈছে ৷ গতিকে ক্ষতিগ্ৰস্ত সকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থাৱলী সন্দৰ্ভত জিলা উপায়ুক্তক দায়িত্ব অৰ্পন কৰা হৈছে ৷ " সাংবাদিকৰ আগত এইদৰে কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: অসম মেঘালয়-সীমান্তত আন এক সেউজ বিপ্লৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.