লখিমপুৰ, ২২ জানুৱাৰী: মৰ্মান্তিক, হৃদয় বিদাৰক ৷ এটি কৰুণ ঘটনাই মৰ্মাহত কৰি তুলিছে লখিমপুৰবাসীক ৷ লখিমপুৰৰ ২ নং ইছলামপুৰ অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । দেওবাৰে বিয়লি বিদ্যুতৰ খুঁটা পৰি লখিমপুৰৰ ২ নং ইছলামপুৰ অঞ্চলৰ এটি শিশুৰ মৃত্যু হৈছে (Child died after falling on an electricity pole in Lakhimpur) ৷
মৃত শিশুটিৰ নাম হ’ল ছাহিল ৷ এজন ফকলেন অৰ্থাৎ জেচিবি চালকৰ অদূৰদৰ্শিতাৰ বাবেই প্ৰাণ গ'ল লখিমপুৰৰ ২ নং ইছলামপুৰৰ এই কণমানিটোৰ । ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, বিয়লি সময়ত চোতালত খেলি আছিল চাৰি বছৰীয়া শিশু ছাহিলে । চাৰি বছৰীয়া শিশু ছাহিলৰ সৈতে খেলি আছিল নেখেলে ।
![child died after falling on an electricity pole](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-lakhimpur-22janu-01-vislpixbyt-childdeath-jibangoswami-10046_22012023172915_2201f_1674388755_209.jpg)
কিন্তু হঠাতে অপৰিপক্ক, অনভিজ্ঞ এজন চালকৰ বাবে তেজেৰে তুমৰলি হৈ চিৰদিন নিথৰ হৈ পৰে কিছু সময়ৰ আগলৈকে হাহি মাতি আপোন পাহৰা হৈ খেলি থকা চাৰি বছৰীয়া শিশু ছাহিলে । উল্লেখযোগ্য যে, ইছলামপুৰৰ ছহিদুল ইছলামৰ পৰিয়ালে পুখুৰী খান্দিবলৈ আনিছিল ফ্ৰকলেন অৰ্থাৎ জেচিবি খন ।
পুখুৰী খান্দি থাকোতে পিতৃৰ সৈতে কাষতে আছিল ছাহিল ৷ কিন্তু হঠাতে অপৰিপক্ক, দায়িত্বজ্ঞানহীন জেচিবি চালকজনৰ বাবে বিদ্যুতৰ খুঁটা গাত বাগৰি পৰিল কণমানি ছাহিলৰ গাঁত । বিদ্যুতৰ খুঁটাৰ গুৰিৰ পৰা জেচিবি চালকজনে মাটি খহাই নিয়াৰ ফলত খুঁটা উভালি পৰে কণমানি ছাহিলৰ শৰীৰত । ফলত থিতাতে নিহত হয় কণমানি ছাহিলৰ ।
ইয়াৰ পাছতেই লখিমপুৰৰ সমগ্ৰ ২ নং ইছলামপুৰ অঞ্চলত শোকৰ বন্যা বোৱা পৰিলক্ষিত হৈছে । ঘটনা সংঘটিত কৰিয়েই জেচিবি চালকজনে উক্ত স্থান এৰি পলায়ন কৰে ।
প্ৰাসংগিক যে, ফকলেন, জেচিবি তথা ডাম্পাৰৰ দৰে বাহনৰ দৌৰাত্ম্য চলিছে লখিমপুৰত । নিয়ন্ত্ৰণৰ বাহিৰত জেচিবি, ফকলেন, ডাম্পাৰৰ একাংশ চালক । অধিকাংশ এনে বাহনৰ চালকৰ কোনো যোগ্যতা অথবা অনুজ্ঞাপত্ৰ নথকাৰ লগতে বিষয়টো সন্দৰ্ভতো পৰিবহন বিভাগে বিশেষ কোনো নজৰ দিয়া হোৱা নাই বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ।
যাৰ ফলত বৃদ্ধি পাবলৈ ধৰিছে এনেধৰণৰ দুৰ্ঘটনাৰ সংখ্যা । ফকলেন, জেচিবিৰ সমান্তৰালভাৱে ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ একাংশ চালকৰ মইমতালিৰ বাবেও ৰাইজে ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে । ৰাইজে এনে চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে ।
লগতে পঢ়ক : West Bengal minister Babul Supriyo in Assam: মুছলমানৰ প্ৰতি বিজেপিৰ মনোভাব দেখদেখকৈ সংবিধান উলংঘন