ETV Bharat / state

Encounter at Dhalpur : এইবাৰ আৰক্ষীৰ লক্ষ্য গৰুৰ চোৰাং সৰবৰাহকাৰী - পশুধন সৰবৰাহকাৰীক উদ্দেশ্যি ঢলপুৰ আৰক্ষীৰ গুলীচালনা

ধলপুৰত গুলীচালনাৰ ঘটনা সংঘটিত(Encounter at Dhalpur) ৷ পশুধনৰ চোৰাং ব্যৱসায়ত জড়িত সৰবৰাহকাৰীক উদ্দেশ্যি এইবাৰ চলিল ধলপুৰ আৰক্ষীৰ গুলী ৷ এই ঘটনাত দুজনকৈ সৰবৰাহকাৰীৰ ভৰিত গুলী লাগি আহত(Cattle smuggler injured at police Encounter) হোৱা বুলি জানিব পৰা গৈছে ৷ বিপৰীতে তিনি সৰবৰাহকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷

cattle-smugglers-injured-at-police-encounter-at-dhalpur
তিনি পশুধন সৰবৰাহকাৰীৰ পলায়ন
author img

By

Published : Apr 7, 2022, 11:48 AM IST

বিহপুৰীয়া, 7 এপ্ৰিল : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত বুধবাৰে নিশা সংঘটিত হৈছে গুলীচালনা(Encounter at Dhalpur) ৰ ঘটনা ৷ পশুধনৰ চোৰাং ব্যৱসায়ত জড়িত সৰবৰাহকাৰীক উদ্দেশ্যি এইবাৰ চলিল ধলপুৰ আৰক্ষীৰ গুলী ৷ এই গুলীচালনাৰ ঘটনাত দুজনকৈ সৰবৰাহকাৰীৰ ভৰিত গুলী লাগি আহত হোৱা (Cattle smuggler injured at police Encounter) বুলি জানিব পৰা গৈছে ৷ বিপৰীতে তিনি সৰবৰাহকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ আহত দুগৰাকী ক্ৰমে মহম্মদ বদৰ আলী আৰু আবাদুল ইছলাম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷

cattle-smugglers-injured-at-police-encounter-at-dhalpur
আহত পশুধন সৰবৰাহকাৰী

বুধবাৰে নিশা সংঘটিত এই ঘটনাত আৰক্ষীয়ে মুঠ ছয় ৰাউণ্ডকৈ গুলী কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ উক্ত ঘটনাৰ পিছতে আহত সৰবৰাহকাৰী দুজনক চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(LMCH) লৈ প্ৰেৰণ কৰিছে ৷ আহত সৰবৰাহকাৰী দুজনৰ ঘৰ ক্ৰমে দৰং জিলাৰ বেচিমাৰী আৰু পানীখাইতি অঞ্চলত ৷

পশুধন সৰবৰাহকাৰীক উদ্দেশ্যি ঢলপুৰ আৰক্ষীৰ গুলীচালনা

সৰবৰাহকাৰী কেইজনে ব্যৱহাৰ কৰা ২৭ টা গৰু সহ এখন নম্বৰ প্লেটবিহীন চৈধ্য চকীয়া ট্ৰাক ঘটনাস্থলীৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, সাম্প্ৰতিক সময়ত যেন তেনেই সহজ হৈ পৰিছে অসম আৰক্ষীৰ গুলীচালনাৰ ঘটনা ৷ এতিয়া নিশাৰ এন্ধাৰ হ’লেই যেন ক’ৰবাত নহয়, কৰ’বাত চলে আৰক্ষীৰ গুলী ৷ এক কথাত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বজ্ৰ কঠিন হৈ পৰিছে অসম আৰক্ষী ৷ এই কথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(DGP Bhaskarjyoti Mahanta) নিজমুখে প্ৰকাশ কৰিছিল ৷

লগতে চাওক: Encounter in Charaideo: চিকিৎসাধীন অৱস্থাত মৃত্যু এনকাউণ্টাৰত আহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.