বিহপুৰীয়া, 26 জুনঃ মহাবাহুৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰি অঞ্চলত ৷ শুকুৰবাৰে অঞ্চলকেইটাৰ বান পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ জানিব পৰা মতে, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে পৰিদৰ্শন কৰি গৈছিল এই অঞ্চল কেইটা ৷ কিন্তু তাৰ পিচতেই শুকুৰবাৰৰ দিনটোত বিৰোধী দলপতি গৰাকীৰ চকুৰ সন্মুখতেই খহি পৰিল বনপুৰৈ-জামুগুৰি অঞ্চলৰ 3 নং চেক বান্ধ ৷
অঞ্চলটো পৰিদৰ্শন কৰি দেৱব্ৰত শইকীয়াই উল্লেখ কৰে যে, বৰ্তমানৰ চৰকাৰখন সাধাৰণ লোকৰ প্ৰাণ আৰু জাতি,মাটি, ভেটি ৰক্ষাত বিফল হৈছে ৷ যিহেতু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ পুঁজিৰ অভাৱ নাই বুলি উল্লেখ কৰিছে, তেনে স্থলত সেই পুঁজি অসমৰ বান নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰিব লাগে বুলিও উল্লেখ কৰে বিৰোধী দলপতি গৰাকীয়ে ৷ আনহাতে স্থানীয় লোকে অঞ্চলটোৰ বান পৰিস্থিতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক জগৰীয়া কৰিছে ৷
লগতে পঢ়কঃ বৰঘূলীত লুইতৰ বানৰ সংহাৰী ৰূপ