নাৰায়ণপুৰ, 28 ছেপ্টেম্বৰ : নাৰায়ণপুৰৰ অন্তৰ্গত বনপুৰৈ-জামুগুৰিত কালৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই ৷ চলিত বছৰত তিনি নম্বৰ চেকবান্ধত আৰম্ভ হোৱা গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে নিশ্চিহ্ন হ’ল চেকবান্ধটো ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰত্যক্ষ কৰা তিনি নম্বৰ চেকবান্ধ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পাছত খহনীয়াৰ কবলত পৰিছে একমাত্ৰ মূল মথাউৰিটো ৷
লগতে পঢ়কঃ মুকালমুৱাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ
মথাউৰিৰ অৰ্ধ শতাংশ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ পাছত যি কোনো মুহূৰ্তত সম্পূৰ্ণ মথাউৰিটো জাহ যোৱাৰ আশংকাত ৰাইজে আপোন ঘৰখন ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৷ গৰাখহনীয়াৰ কবলত পৰা ৰাইজৰ মাজত কান্দোনৰ ৰোল ৷ ক'লৈ যাব, ক’ত থাকিব উৱাদিহ হেৰুৱাইছে বনপুৰৈ লতাবাৰী দুখনকৈ গাঁৱৰ ৰাইজে ৷
চৰকাৰে গৰাখহনীয়া ৰোধৰ নামত কৰা দায়িত্বহীন প্ৰয়াসৰ বাবে আজি বনপুৰৈ-জামুগুৰি বাসীলৈ নামি আহিছে ঘোৰ অমানিশা ৷ অঘৰী জীৱন যাপন কৰিবলৈ বাধ্য হোৱা জনসাধাৰণৰ কাষত নাই জনপ্ৰতিনিধি আৰু চৰকাৰ ৷ কাহানিও এই মথাউৰিৰ মেৰামতিৰ নামত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে ৰাইজে ৷ হাহাকাৰ পৰিস্থিতি বনপুৰৈ-জামুগুৰিবাসীৰ ৷