গুৱাহাটী, ৩০ জুন: শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত "এগৰাকী বিশেষ ব্যক্তি" নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় । বিশিষ্ট সাহিত্যিক লক্ষীনন্দন বৰাই এই গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ।
বিশিষ্ট গল্পকাৰ নাট্যকাৰ তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অন্যতম বিষয়া জ্যোতি প্ৰসাদ শইকীয়াৰ কৰ্ম দক্ষতা, সাংস্কৃতিক দিশলৈ দিয়া অৱদানৰ ওপৰত গ্ৰন্থখন সম্পাদনা কৰিছে খগেন মেধিয়ে । অসমৰ কেইবাগৰাকী লেখকৰ উপৰিও পশ্চিম বংগ আৰু অন্য ৰাজ্যৰ লেখকেও এই গ্ৰন্থ খনত বাংলা আৰু ইংৰাজী ভাষাত প্ৰবন্ধ সমূহ সন্নিবিষ্ট কৰিছে । এই গ্ৰন্থখন জ্যোতি প্ৰসাদ শইকীয়াৰ আত্মজীৱনী অথবা অভিনন্দন সূচক গ্ৰন্থ নহয়, বৰঞ্চ তেওঁৰ গুণ-গৰিমাৰে ভৰপূৰ এখন প্ৰবন্ধ সংকলন । এই গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট সাংবাদিক অজিত ভূঞা, হেমেন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।