ETV Bharat / state

এইবেলি বিৰহৰ ব'হাগ ! - bihu celebration

মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে এইবেলি ম্লান পৰিল ব'হাগৰ আনন্দ-উলাহ ৷ ব'হাৰ বিহুটি প্ৰায় গাতে উঠাৰ দৰে হৈছে যদিও এইবাৰ যেন মন টঙাব পৰা নাই বিহুটিৰ বাবে ৷ কাৰণ কৰ'ণা ভাইৰাছৰ আতংক আৰু লক্ ডাউন ৷

corona virus effect on bihu
corona virus effect on bihu
author img

By

Published : Apr 6, 2020, 6:18 PM IST

লখিমপুৰ,6 এপ্ৰিল : ব'হাগ কেৱল এটি মাহ নহয়, অসমীয়া জাতিৰ বাবে ব'হাগ হৈছে আয়ুস ৰেখা ৷ বছৰ বাগৰি আকৌ আহিছে ব'হাগ ৷ কপৌ, নাহৰ,তগৰৰ সুবাস সানি, কুঁহি পাতৰ ন সাজেৰে সাজি প্ৰকৃতি সাজু হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা ব'হাগক আদৰিবলৈ । ৷ কিন্তু অসমৰ গাঁৱে ভূঞে এতিয়া নাই ব'হাগৰ আনন্দ । মহামাৰীৰ আতংকত ঘৰৰ ভিতৰতে বন্দী অসমীয়া সমাজত এইবাৰ নাই বিহুৰ উচাহ । মহামাৰী কৰ'ণা ভাইৰাছে চিন্তিত কৰিছে প্ৰতিটো পৰিয়ালক । পূৰ্বৰ দৰে এইবাৰ ব্যস্ততা নাই শিপিনী, গৃহিনী, অথবা খোপাত কপৌ গুজি ঢোলৰ ছেৱত কঁকাল ঘুৰাই বিহু নচা নাচনীৰ । কাৰণ গাঁৱে গাঁৱে এতিয়া কৰণাৰ আতংক ।

corona virus effect on bihu
ব'হাগক আদৰিবলৈ ন-সাজেৰে সাজু প্ৰকৃতি

নঙলা মুখৰ পৰা বাহিৰ ওলাবলৈ এতিয়া ভয় গাঁৱৰ ডেকা বুঢ়া,জীয়ৰী বোৱাৰীৰ । চৰকাৰ নীতি নিৰ্দেশনা মানি এতিয়া গৃহবন্দী জনতা । কৰ'ণাৰ আতংকই চুই গৈছে বহাগত আপোন পাহৰা হৈ পৰা অসমীয়া সমাজক । কাৰোবাৰ ঘৰত তাঁতৰ শালত শিপিনী ব্যস্ত যদিও মনত নাই ৰঙালী ৰং ।

এইবেলি ম্লান পৰিল ব'হাগৰ আনন্দ-উলাহ

পূৰ্বৰ দৰে এইবাৰ ৰঙালীৰ আনন্দ নাথাকিলেও প্ৰকৃতি সম্পূৰ্ণ সাজু হৈছে অসমীয়া নৱবৰ্ষক আদৰিবলৈ । হয়টো পূৰ্বৰ দৰে নাথাকিব, হুঁচৰি, ঢোলৰ গুমগুমণি, টাকুৰী ঘূৰা দি ঘূৰা নাচনীৰ বিহু নাচ ৷ বছেৰেকৰ বিহুটো আনন্দেৰে পালিব নোৱাৰাৰ বাবে অসমীয়াৰ মত ৰৈ যাব বুজাব নোৱাৰা আক্ষেপ ৷ কিন্তু মনত আক্ষেপ থাকিলেও সকলোৰে আহ্বান ৰঙালীৰ আনন্দত আত্মহাৰা নহৈ মহামাৰী কৰ'ণাৰ বিৰুদ্ধে সজাগ হওক প্ৰতিজন অসমীয়া ।

লগতে পঢ়ক : কভিড19ৰ প্ৰত্যাহ্বান আৰু তবলিগী জামাত : বস্তুগত গুৰুত্বৰ প্ৰয়োজনীয়তা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.