ETV Bharat / state

DAC Election 2022: লখিমপুৰত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী (Deori Autonomous Council Elections 2022) প্ৰচাৰ আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে । এই প্ৰচাৰৰ মাজতেই ২২ টা সমষ্টিয়েই বিজেপি আৰু মিত্ৰদলে দখল কৰিব বুলি দাবী কৰিছে বিজেপিৰ লখিমপুৰ জিলা সভাপতি ফণীধৰ বৰুৱাই ।

DAC Elections 2022
লখিমপুৰত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
author img

By

Published : Oct 29, 2022, 6:20 PM IST

লখিমপুৰ, ২৯ অক্টোবৰ :দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী (Deori Autonomous Council Elections 2022)প্ৰচাৰ অভিযান তুংগত উঠিছে । অহা সাত দিনৰ ভিতৰত অন্ত পৰিব প্ৰচাৰ অভিযান । শাসকীয় বিজেপিৰ পৰা কংগ্রেছ, আপ আদি দলৰ লগতে একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান চলাইছে । লখিমপুৰত থকা (DAC Election 2022 campaign)পৰিষদখনৰ সাতটা সমষ্টিৰ মাথো তিনিটাতহে বিৰোধী দল কংগ্রেছে প্ৰাৰ্থী দিয়াৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে ।

লখিমপুৰত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

প্ৰদেশ কংগ্রেছৰ সভাপতি (President of Assam Pradesh Congress) ভূপেন বৰাৰ সমষ্টি আৰু গৃহ জিলা লখিমপুৰত দেউৰী পৰিষদৰ আটাইকেইটা সমষ্টিত দলীয় প্ৰাৰ্থী দিবলৈ সাহস কৰিবই নোৱাৰিলে বুলি কটাক্ষ কৰিছে বিজেপিয়ে । বিজেপিৰ লখিমপুৰ জিলা সভাপতি ফণীধৰ বৰুৱাই জিলাখনত (Lakhimpur district BJP criticized Congress) এই পৰিষদীয় নিৰ্বাচনত দুই এক সমষ্টিত বিৰোধী দলৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীৰেহে যুঁজ হ'ব বুলি কয় ।

এক সাক্ষাৎকাৰত বিজেপিৰ সভাপতি বৰুৱাই কয় মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) উন্নয়ন প্ৰত্যক্ষ কৰি ৰাইজে বিজেপিৰ পক্ষত ভোট দিব । পৰিষদখন দখল কৰিবলৈ বিজেপিৰ প্ৰচাৰ অভিযানৰ প্ৰয়োজনেই নাই বুলি তেওঁ গভীৰ আত্মবিশ্বাস প্ৰকাশ কৰে । লখিমপুৰত থকা পৰিষদখনৰ সাতটা সমষ্টিয়েই নহয়, ৰাজ্য়ৰ ২২ টা সমষ্টিয়েই বিজেপি আৰু মিত্ৰদলে দখল কৰিব বুলিও তেওঁ কয় ।

উল্লেখ্য যে লখিমপুৰ জিলাত থকা পৰিষদখনৰ সাতটা সমষ্টিত প্ৰতিদ্বন্দিতাৰ বাবে দল তথা নিৰ্দলীয়সহ মুঠ ২৬ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও পাছত তিনিজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত ২৩ গৰাকী প্রার্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ।

উল্লেখ্য যে জিলাখনত এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীৰ সংখ্যা অধিক । সাতটা সমষ্টিৰ ভিতৰত ১১ গৰাকীয়েই নিৰ্দলীয় প্ৰাৰ্থী । আনহাতে,বিজেপিৰ ছজন, অগপৰ এজন, আপৰ ২ জন আৰু কংগ্রেছৰ ৩ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । জিলাখনত থকা পৰিষদখনৰ ১৫ নং বৰ দেউৰী (এছ টি) সমষ্টিত বিজেপিৰ অমৃতপ্ৰভা দেউৰী, কংগ্রেছৰ মহেন দেউৰী, আপৰ উমেশ দেউৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী কামাণ্ডাৰ দেউৰী আৰু শিৱাৰ্ষীশ দেউৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে । ইপিনে,১৬ নং বাহগড়া (এছ টি ,মহিলা) সমষ্টিৰ পৰা অগপৰ নন্দিতা দেউৰী,কংগ্রেছৰ মিনু দেউৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ামাই দেউৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে ।

একেদৰে ১৭ নং কাচিকতা (এছ টি) সমষ্টিত বিজেপিৰ উত্তম দেউৰীৰ উপৰি নিৰ্দলীয় বিৰেন দেউৰী আৰু দিপক দেউৰীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে । ১৮ নং পিচলা ( এছ টি, মহিলা) সমষ্টিত বিজেপিৰ জুনমণি দেউৰী, নিৰ্দলীয় পুষ্পাঞ্জলি দেউৰী আৰু ৰিংকুমণি দেউৰীয়ে প্ৰতিদ্বন্দিতাত নামিছে । ইপিনে,১৯ নং কিনাপথাৰ (এছ টি) সমষ্টিত বিজেপিৰ বিষ্ণু কুমাৰ দেউৰী, আপৰ হৰিব্ৰত দেউৰীৰ উপৰি নিৰ্দলীয় বিজু কুমাৰ দেউৰীয়ে যুঁজত নামিছে ।

তদুপৰি ২০ নং বঙালমৰা (এছ টি) সমষ্টিত দীপক দেউৰী, বিজেপিৰ প্ৰফুল্ল দেউৰী, নিৰ্দলীয় প্ৰাৰ্থী মনমোহন দেউৰী আৰু ৰত্নেশ্বৰ দেউৰীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ২১ নং গাভৰু টুনিজান (এছ টি) সমষ্টিত বিজেপিৰ ৰমা দেউৰী আৰু নিৰ্দলীয় মহেশ দেউৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে ।

উল্লেখ্য যে দেউৰী পৰিষদৰ এইবাৰৰ নিৰ্বাচনী যুজত লখিমপুৰত সাতটা সমষ্টিৰ তিনিটাতহে প্ৰাৰ্থী দিলে কংগ্রেছে । বিজেপিয়ে ছটা সমষ্টিত নিজা প্ৰাৰ্থী ঠিয় কৰোৱাৰ বিপৰীতে মিত্র দল অগপক এটা সমষ্টি এৰি দিছে । বিৰোধী কংগ্রেছে শাসকীয় দলৰ সৈতে এঘড়ী যুজিবলৈ আটাইকেইটা সমষ্টিত প্ৰাৰ্থী নিদিয়াৰ বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে । আনহাতে,শাসকীয় দলৰ হৈ মন্ত্রী পীয়ুষ হাজৰিকা (Minister Piyush Hazarika), সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা,অমিয় কুমাৰ ভূঞা আদিয়ে জিলাখনত উবুৰি খাই প্ৰচাৰ অভিযান চলাইছে যদিও বিৰোধী দলৰ প্ৰচাৰ অভিযান তুলনামুলক ভাবে নিস্তেজ হৈয়েই আছে ।

লগতে পঢ়ক:2024 Loksabha election: মিত্ৰতা ভংগৰ দিশে অগপ-বিজেপি !

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.