ETV Bharat / state

চি কে এছ’চিয়েটৰ কাৰ্যালয়ত তলা ওলোমালে বীৰ লাচিত সেনাই - পৌৰসভাৰ বিষয়া

ম্যাদ ওকলা শিশু খাদ্যৰ পেকেট জমা কৰি ৰখাৰ অভিযোগ লখিমপুৰৰ চি কে এছ’চিয়েটৰ বিৰুদ্ধে ৷ উদ্যোগটোত তলা ওলোমালে বীৰ লাচিত সেনাই ৷

Bir Lachit sena protest at Ceekay Associates office in Lakhimpur
লখিমপুৰত চিকে' এছ’চিয়েটৰ কাৰ্যালয়ত বীৰ লাচিত সেনাৰ তলা
author img

By

Published : Nov 7, 2021, 1:03 PM IST

লখিমপুৰ, 7 নৱেম্বৰ : লখিমপুৰ নগৰৰ ৬ নং ৱাৰ্ডস্থিত চি কে এছ’চিয়েট নামৰ কোম্পানীটোত শনিবাৰে বিয়লি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিগত এবছৰ ধৰি বাণিজ্যিক অনুজ্ঞাপত্ৰ নোহোৱাকৈ প্ৰতিষ্ঠানটো চলাই থকাৰ লগতে ম্যাদ ওকলা শিশু খাদ্যৰ পেকেট গুদামত জমা কৰি বিক্ৰী কৰাৰ অভিযোগ তুলি প্ৰতিষ্ঠানটোৰ বাহিৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে ৷

Bir Lachit sena protest at Ceekay Associates office in Lakhimpur
ম্যাদ ওকলা খাদ্যৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ অভিযান

বীৰ লাচিত সেনাৰ সদস্যসকলে তলা লগাই দিয়ে কোম্পানীটোৰ কাৰ্যালয়ত । লাচিত সেনাৰ সদস্যসকলে কাৰ্যালয়টোত এনে বিসংগতি প্ৰত্যক্ষ কৰি লখিমপুৰ জিলা পৌৰসভাৰ বিষয়া, আৰক্ষী, খাদ্য পৰিদর্শক আদিক অৱগত কৰাৰ উপৰি তদন্ত নোহোৱা পৰ্যন্ত কাৰ্যালয়টো খুলিব নোৱাৰাৰ হুংকাৰ দিয়ে ।

লখিমপুৰত চিকে' এছ’চিয়েটৰ কাৰ্যালয়ত বীৰ লাচিত সেনাৰ তলা

উল্লেখ্য যে, লখিমপুৰ নগৰৰ ৬নং ৱাৰ্ডত বিগত কেইবাবছৰ ধৰি ব্যৱসায় কৰি থকা কোম্পানীটোৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে আকৌ শাখা পৰিচালকজনে কৰ’ণাৰ বাবে অনুজ্ঞাপত্ৰ নবীকৰণ কৰিব নোৱাৰা কথা ব্যক্ত কৰে ৷ তেওঁ লগতে জ্বলাই দিয়াৰ বাবেহে ম্যাদ ওকলা শিশু খাদ্যৰ পেকেটসমূহ জমা কৰি ৰখা বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : বানান বিভ্ৰাটে খেলিমলি লগাইছে পৰ্যটন বিভাগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.